Skip Ribbon Commands
Skip to main content

​​​​​​​​​

কেনেদৰে এটা এপ ছেটিং অথবা কানেক্সন ষ্ট্ৰিং ষ্টিকি কৰিব

 

এটা এপ ছেটিং অথবা কানেক্সন ষ্ট্ৰিং কেনেদৰে শ্লটলৈ ষ্টিকি কৰি ৰাখিব সেইবিষয়ে ইয়াতে এটা লিখনী আছে। এজিউৰ PowerShells ব্যৱহাৰ কৰিও আপুনি ছেটিংছ ষ্টিকি কৰিব পাৰে।

এটা এজিউৰ এপ চাৰ্ভিছ ৱেব এপ তৈয়াৰ কৰাৰ বাবে ইয়াতে এজিউৰ PowerShellscmdlets দিয়া হৈছেঃ

  • Login-AzureRmAccount
  • Set-AzureRmContext
  • Set-AzureWebsite (তদুপৰি ইয়াতেও এবাৰ চাব পাৰে New-AzureRmResource cmdlet)

তলত সম্পুৰ্ণ cmdlets আৰু পেৰামিটাৰ ভেলু চাব পাৰে।

Login-AzureRmAccount

 
সেই cmdlet  এগজিকিউট কৰিলে এটা প্ৰত্যাহ্বান/সঁহাৰি উইণ্ডো এখন আহে, আপোনাৰ পৰিচয় তাতে দিয়ক আৰু ফলাফল চিত্ৰ 1 ত দেখুওৱা ধৰণৰ হয়।

চিত্ৰ 1, এজিউৰ PowerShells ব্যৱহাৰ কৰি কেনেদৰে এজিউৰত কেনেদৰে লগিন কৰিব

ইয়াৰে পিছত, Set-AzureRmContext cmdlet এগজিকিউট কৰক।

Set-AzureRmContext -SubscriptionId "25ec5bae-####-####-####-############"

 

গ্ৰাহকভুক্তিৰ আইডিটো আপুনি এজিউৰ এপ চাৰ্ভিছ ৱেব এপ তৈয়াৰ কৰিব বিচৰা গ্ৰাহকভুক্তিলৈ স্থিৰ কৰক, ফলাফল তলৰ চিত্ৰ 2 ত দেখুওৱা ধৰণৰ হব।

 
 
 

চিত্ৰ 2, এজিউৰ PowerShells ব্যৱহাৰ কৰি কেনেদৰে এজিউৰ গ্ৰাহকভুক্তি স্থিৰ কৰিব

এতিয়া, এজিউৰ এপ চাৰ্ভিছ এপলৈ যাওক, এপ্লিকেশ্যন ছেটিংছত ক্লিক কৰক আৰু আপুনি এপ ছেটিং দেখিব, চিত্ৰ 3ত দেখুওৱাৰ দৰে, যিটো ষ্টিকি নহয়, ইয়াত এই উদাহৰণটোক MakeThisOneSticky বুলি কোৱা হৈছে।

 
 

চিত্ৰ 3, এটা এপ ছেটিং যিটো শ্লটলৈ ষ্টিকি নহয় আৰু স্বোৱেপৰ সময়ত গুছি যাব

সেই এপ ছেটিংটো ষ্টিকি কৰিবলৈ, তলত দিয়াখিনি এগজিকিউট কৰকঃ

Set-AzureWebsite -Name "stickyslot" -SlotStickyAppSettingNames "MakeThisOneSticky"

 
টোকাঃ লক্ষ্য কৰিব যাতে পেৰামিটাৰটোৰ নামটো একাধিকত দিয়া থাকে। ইয়াৰ মানে হৈছে আপুনি যদি তেতিয়া ষ্টিকি কৰিবলগীয়া আটাইবোৰ নাম অন্তৰ্ভুক্ত কৰা নাই, অন্তৰ্ভুক্তি নোহোৱাবোৰ আনচেক হৈ যাব আৰু ষ্টিকি হৈ নাথাকিব। সেয়ে, STICKYSLOT এপ ছেটিংছটোও যিহেতু ষ্টিকি হব লাগিব, এই কমাণ্ডটো এগজিকিউট কৰকঃ

Set-AzureWebsite -Name "stickyslot" -SlotStickyAppSettingNames @("MakeThisOneSticky", "STICKYSLOT")

 
তেতিয়া আপুনি দেখিব যে দুয়োটাই আশা কৰা ধৰণে শ্লটলৈ ষ্টিকি হৈ পৰিব।

একেটাই কাম কানেক্সন ষ্ট্ৰিং ষ্টিকি কৰাৰ বাবে কামত আহে, কানেক্সন ষ্ট্ৰিং ষ্টিকি কৰাৰ বাবে তলত দিয়া এজিউৰ PowerShells cmdlet এগজিকিউট কৰক।

Set-AzureWebsite -Name "stickslot" -SlotStickyConnectionStringNames "StickySlotConnectionString"

 

এই cmdlets বোৰৰ বাবে কোনো আউটপুট নাই, চিত্ৰ 4 ত দেখুওৱা ধৰণে। যাহওক, তাতে যদি কোনো ক্ৰুটি হোৱা নাই, তেনেহলে, cmdlet টো সফল হৈছে আৰু পৰ্টেলত প্ৰয়োজন হলে নিশ্চিত কৰিব পাৰি।​

​​
 

চিত্ৰ 4, এটা এপ ছেটিং অথবা কানেক্সন ষ্ট্ৰিং ষ্টিকি কৰা​​

​​​​​​​

Read More on...​

​​​​​​​​​​​​​
This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint
©2017 Microsoft Corporation. All rights reserved.