Skip Ribbon Commands
Skip to main content

​​​​​​​​

এপ চাৰ্ভাৰ্ছ শ্লটৰ মাজত সালসলনি কৰোতে ডাটাবেছ কানেক্সন ষ্ট্ৰিং


 

ধৰি লওক আপোনাৰ চিত্ৰ ১ ত দেখুওৱা ধৰণৰ আৰ্কিটেক্সাৰ থকাৰ দৰে এনে এটা এজিউৰ এপ চাৰ্ভিছ ৱেব এপ আছে যিয়ে বৃহত পৰিমাণৰ ট্ৰাফিক মোকাবিলা কৰে আৰু এটা ডাটাবেছ এক্সেছ কৰে। আপুনি যেতিয়া এটা ডিপ্লয়মেণ্ট কৰে, তেতিয়া আপুনি বাগচ ডিপ্লয় কৰাৰ অথবা নতুন ৰিলিজ এটা ডিপ্লয় কৰাৰ সময়ত গুৰুতৰ ডাউনটাইম হোৱাৰ ৰিস্ক লব নিবিচাৰে, এই কাৰণতে আপোনাক এটা ডিপ্লয়মেণ্ট শ্লট লাগে। এটা ডিপ্লয়মেণ্ট শ্লট হৈছে এক অতিৰিক্ত এজিউৰ এপ চাৰ্ভিছ ৱেব এপ ইনষ্টেন্স (W3WP) যিটো আপোনাৰ প্ৰডাক্সন এজিউৰ এপ চাৰ্ভিছ ৱেব এপৰ সৈতে একে নামৰ হব আৰু একেটা এফ চাৰ্ভিছ প্লেন (ASP)তে ৰাণ হয়, যিটো মই ইয়াতে আলোচনা কৰিছো। এই ডেভলপমেণ্টেল শ্লটে আপোনাক আপোনাৰ টেষ্ট অথবা লাইভ ৱেব এপলৈ অ-প্ৰডাক্সনশীল ৰেডি কোড ৰিলিজৰ পুৰ্বে ডিপ্লয় কৰাৰ সুবিধা কৰি দিয়ে। ডিপ্লয়মেণ্ট শ্লটৰ ভাললগা কথাটো এয়ে যে আপুনি এটা বুটাম টিপিব পাৰে আৰু প্ৰডাক্সনৰ সৈতে নতুন সংস্কৰণযুক্ত ডিপ্লয়মেণ্ট শ্লটটো স্বোৱেপ হৈ যাব, আৰু চাওক, নতুন সংস্কৰণটো লাইভ হৈ গল, একেটা ক্লিকতে।

চিত্ৰ 1 ত দেখিব যে তাতে এটা এছকিউএল চাৰ্ভাৰ আছে যত 2 টা এছকিউএল এজিউৰ ডাটাবেছ আছে, ইয়াৰে এটাক stickyslot-pro আৰু আনটোক stickyslot-tst বোলে। অতিৰিক্তভাৱে, তাতে এটা এপ চাৰ্ভিচ প্লেন (ASP)ও আছে যাৰ নাম হৈছে STICKYSLOT-ASP আৰু ই stickyslot নামৰ এটা এজিউৰ এপ চাৰ্ভিছ ৱেব এপ চলায় যত এটা testing নামৰ ডিপ্লয়মেণ্ট শ্লটো আছে। এই আটাইবোৰ  STICKSLOT-RG নামেৰে এটা ৰিচৰ্ছ গ্ৰুপৰ ভিতৰত আছে।

 
 

চিত্ৰ 1, বেষ্ট কেচ, এপ চাৰ্ভিছ আৰ্কিটেক্সাৰ ছবি

ইয়াতে ষ্টিকি শ্লটৰ বিষয়ে এটা ভাল লেখা আছে।

এই লেখাটোত মই PRO  অৰ্থাত প্ৰডাক্সনৰ পৰা TST অৰ্থাত টেষ্টিঙলৈ এজিউৰ এপ চাৰ্ভিছ ৱেব এপ ডিপ্লয়মেণ্ট শ্লট স্বোৱেপ কৰা (এক পৰীক্ষণমূলক উদাহৰণ) সন্দৰ্ভত লিখিছো। কথাটো হৈছে, ডিফল্ট হিচাপে, এপ ছেটিংছ আৰু ডাটাবেছ কানেক্সন ষ্ট্ৰিংছবোৰ শ্লটৰ লগত ষ্টিকি নহয় আৰু প্ৰডাক্সন শ্লটৰ সৈতে টেষ্ট শ্লট স্বোৱেপ কৰিলে ৱেব এপ অনুসৰণ কৰিব। এনে পৰিস্থিতিত, মোৰ testing ডিপ্লয়মেণ্ট স্বোৱেপ কৰোতে যিটোৱে stickslot-tst ডাটাবেছৰ পৰা প্ৰডাক্সনলৈ ডাটা লোৱাৰ সময়ত, আগতে স্বোৱেপ কৰা ৱেব এপে stickyslot-pro ডাটাবেছৰ পৰিৱৰ্তে stickyslot-tst ডাটাবেছলৈহে পইণ্ট কৰিব। সেয়েহে, মোক ৱেব এপ ডেভলপমেণ্ট শ্লটহে স্বেপ কৰাৰ উপায় এটা মোক লগা হল যাতে মই সম্প্ৰতিৰ প্ৰডাক্সন ৱেব এপটোৰ ডাটাবেছ কানেক্সন ষ্ট্ৰিং প্ৰডাক্সনলৈ পইণ্ট কৰাই ৰাখিব পাৰো আৰু টেষ্টিঙে টেষ্টিং ডাটাবেছৰ ফালে পইণ্ট কৰি থকা কৰিব পাৰো। 'ষ্টিকি টু দা শ্লট' নামৰ ছেটিং ব্যৱহাৰ কৰি এয়া কৰিব পাৰি।

ধৰি লওক, মোৰ ৱেব এপ প্ৰডাক্সনৰ বাবে মোৰ 2 টা ভেলু আছে যিটো মই স্বোৱেপ কৰাৰ সময়ত 'প্ৰডাক্সন' হৈ থকাটো বিচাৰো। চিত্ৰ 2 চাওক।


 
 

চিত্ৰ 2, ষ্টিকি শ্লট ছেটিং যিটো এটা টেষ্টিং শ্লটৰ সৈতে স্বোৱেপ কৰাৰ সময়তো প্ৰডাক্সনতে থাকে

মন কৰিব যে তাতে এটা Value = ProductionEnvironment থকা StickySlotConnectionString  নামৰ কানেক্সন ষ্ট্ৰিং থকা STICKSLOT  নামৰ এটা এফ ছেটিং আছে যত প্ৰডাক্সনৰ ডাটাবেছৰ নাম, ইউজাৰ আইডি আৰু পাছৱৰ্ড আছে, উদাহৰণ হিচাপে। আটাইতকৈ গুৰুত্বপুৰ্ণ কথা দেখিব যে শ্লট ছেটিং চেক বক্সটো বাচনি কৰা আছে, মানে এইটো এই ৱেব এপতে থাকিব আৰু স্বোৱেপ কৰাৰ সময়ত মুভ নহয়। চিত্ৰ ৩ ত থকাৰ দৰে দেখিব যে টেষ্টিং ডিপ্লয়মেণ্ট শ্লটত, মোৰ একেটাই এপ ছেটিং আৰু কানেক্সন ষ্ট্ৰিং (কী আৰু নাম) আছে, কিন্তু দুয়োটাৰে ভেলু ভিন্ন, আৰু শ্লট ছেটিং চেকবক্স চেক কৰি থোৱা আছে যাতে ই টেষ্টিং ৱেব এপতে থাকে। কোনো কাৰণতে মোৰ টেষ্টিং ৱেব এপটোৱে প্ৰডাক্সন এনভাইৰোমেণ্টলৈ পইণ্ট কৰাটো নিবিচাৰো।


 

চিত্ৰ 3, ষ্টিকি শ্লট ছেটিং, যিটো এটা প্ৰডাক্সন শ্লটৰ সৈতে স্বোৱেপ কৰিলেও টেষ্টিঙতে থাকে

MoveWhenSwapped নামেৰে মই এটা অতিৰিক্ত এপ ছেটিং যোগ দিছো যিটো মই ষ্টিকি কৰা নাই। মানে ই স্বোৱেপৰ সৈতে মুভ কৰিব। সেয়ে, যেতিয়া মই প্ৰডাক্সন আৰু টেষ্ট স্বোৱেপ কৰো, তেতিয়া সেই এপ ছেটিং প্ৰডাক্সন ৱেব এপ কনফিগাৰেশ্যনতে থাকিব আৰু টেষ্টিঙত নাথাকে। চাও আহক, যেতিয়া আটাইবোৰ পৰীক্ষা কৰি লোৱা হৈছে আৰু টেষ্টিং এনভাইৰোমেণ্টত প্ৰডাক্সনৰ বাবে সাজু হৈছে, তেনেহলে টেষ্টিং ৱেব এপলৈ গৈ চিত্ৰ 4 ত দেখুওৱাৰ দৰে স্বোৱেপ লিংকত ক্লিক কৰো।

 

চিত্ৰ 4, শ্লটৰ মাজত, ষ্টিকি শ্লটৰ মাজত এজিউৰ এপ চাৰ্ভিছ ৱেব এপ স্বোৱেপ কৰা

তাতে এটা ফিচ্চাৰ আছে “swap with preview” নামেৰে যিটোৰ বিষয়ে ইয়াতে ভালদৰে লিখা হৈছে। মুলতঃ এই ফিচ্চাৰে আপোনাক প্ৰডাক্সনলৈ আপোনাৰ টেষ্টিং পইণ্ট কৰাৰ সুবিধা কৰি দিয়ে যাতে আপুনি বাস্তৱ ট্ৰেফিকলৈ যোৱাৰ আগতেই সকলোবোৰ ঠিকে-ঠাকে কাম কৰি থাকে। নিশ্চিত কৰক যাতে আপুনি স্বোৱেপ সম্পুৰ্ণ কৰিছে অথবা সেয়া ৰোল বেক কৰিব যদিহে বেছিসময়ৰ বাবে আপুনি আপোনাৰ টেষ্টিঙে প্ৰডাক্সনলৈ পইণ্ট কৰি থকাটো নিবিচাৰে। এয়া আটাইবোৰ পৰিস্থিতিতে কাম নকৰিবও পাৰে যদিহে ডাটাবেছ ষ্ট্ৰাকচ্চাৰ সলনি হয় যিটোৱে প্ৰডাক্সন এনভাইৰোমেণ্ট সলনি কৰিব পাৰে যদিহে ডিপ্লয় কৰা হয় আু টেষ্টিং ইনষ্টেন্স আপগ্ৰেড অবিহনে বিদ্যমান প্ৰডাক্সনত নচলে। যাহওক, এয়া এবাৰ চেষ্টা কৰি চোৱা যাওক। গতিকে, স্বোৱেপ কৰক আৰু এপ ছেটিং নিশ্চিত কৰিবলৈ প্ৰডাক্সন ৱেব এপ পৰীক্ষা কৰক আৰু কানেক্সন ষ্ট্ৰিংছে প্ৰত্যাশিত ফলাফল দিছে নে নাই সেয়া চাওক। আচলতে এয়া চিত্ৰ 5 ত দেখুওৱা হৈছে।

 

 

চিত্ৰ 5, ষ্টিকি শ্লট এজিউৰ এপ চাৰ্ভিছ ৱেব এফ এপ ছেটিং আৰু কানেক্সন ষ্ট্ৰিং

ভেলুবোৰ আশা কৰা ধৰণে একেই থাকে আৰু MoveWhenSwapped টো টেষ্টিঙৰ পৰা প্ৰডাক্সন এফ প্ৰচেছলৈ যায়। আৰু এটা কথা টুকিব যে MoveWhenSwapped লৈ যোৱা মানে ই আৰু টেষ্টিং ৱেব এপত উপলব্ধ নহয়। ইয়াৰ অৰ্থ এয়ে যে আপুনি যদি আপোনাৰ ৱেব এপ স্বোৱেপ কৰিব বিচাৰে আৰু কানেক্সন ষ্ট্ৰিং একেই থকাটো বিচাৰে, তেনেহলে শ্লট ছেটিং চেক বক্স ব্যৱহাৰ কৰি ছেটিংছটো ষ্টিকি বুলি চিহ্নিত কৰক আৰু আপুনি একেবাৰে সাজু।

আৰু অলপ বেছিকৈ আমি যদি যাও

মোৰ কেতবোৰ প্ৰশ্ন আছিলঃ

  • মই মোৰ কোডৰ পৰা কেনেদৰে কানেক্সন ষ্ট্ৰিং আৰু এপ ছেটিং লাভ কৰিম
  • কি হব যদিহে মোৰ web.config ফাইলত এটা কানেক্সন ষ্ট্ৰিং আছে আৰু কি হব যদিহে মোৰ দুয়োটাই আছে

এই দুয়োটা প্ৰশ্নৰে উত্তৰ দিও আহক।

মই মোৰ কোডৰপৰা কানেক্সন ষ্ট্ৰিং আৰু এপ ছেটিং কেনেদৰে লাভ কৰিম

পৰ্টেলত বা web.config ত কনফিগাৰ কৰি থোৱা ভেলুৰপৰা কানেক্সন ষ্ট্ৰিং পাবৰ বাবে তলত দিয়া কোড আপুনি ব্যৱহাৰ কৰিব পাৰিব।

ConfigurationManager.ConnectionStrings["StickySlotConnectionString"]?.ConnectionString;​

 
কানেক্সন ষ্ট্ৰিঙৰ নামটো দিয়ক আৰু ভেলু ৰিটাৰ্ণ পাব।

এপ ছেটিং ভেলু এক্সেছ কৰাৰ বাবে, তলত দিয়া লিংক অনুসৰণ কৰক।

ConfigurationManager.AppSettings["STICKYSLOT"];

 
কি হব যদিহে মোৰ web.config ফাইলত এটা কানেক্সন ষ্ট্ৰিং আছে আৰু কি হব যদিহে মোৰ দুয়োটাই আছে

সঁচাকৈয়ে একো নহয়, নামটো একে হলেও, আনকি web.config ত ভেলু একে হলেও সেয়া পোৱা যাব আৰু যদি ভেলু যদি পৰ্টেলত আছে, সেয়াও পোৱা যাব। মন কৰিব যাতে আপোনাৰ কোনো কানেক্সন ষ্ট্ৰিঙৰ বাবে বা এপ ছেটিঙৰ বাবে একে নাম নাথাকে। এনে হলে, মই টেষ্ট কৰি পোৱা মতে, কোডটোৱে এক্সেছ কৰা ভেলুটোৱে ৱেব পৰ্টেলত কনফিগাৰ হয়। সেয়ে, আপোনাৰ যদি StickySlotConnectionString নামেৰে কানেক্সন ষ্ট্ৰিং আছে, যিটো পৰ্টেল আৰু এটা web.config তো আছে, তেন্তে web.configত আপুনি দিয়া ভেলুটো ধৰা নহ'ব।​


 

​​
​​​​​​​

Read More on...​

​​​​​​​​​​​
This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint
©2017 Microsoft Corporation. All rights reserved.