Skip Ribbon Commands
Skip to main content

মাইক্ৰচফট সুৰক্ষা সংক্ৰান্ত বিপন্নতা চিনাক্তকৰণ

চফটৱেৰ সুৰক্ষা হৈছে ব্যৱসায়ৰ বস্তু

বৰ্তমানৰ বিশ্বত, কম্পিউটাৰ নেটৱৰ্ক আৰু ব্যৱসায়িক চফটৱেৰত সুৰক্ষা বিঘ্নিত হোৱাটো এক বাস্তৱিক সাম্ভাব্য কথা। আগতকৈ অধিক হাৰত, এপ্লিকেশ্যনৰ সুৰক্ষাৰ বিষয়টো ব্যৱসায়িক দিশত গুৰুত্বপূৰ্ণ বিবেচিত হৈছে। সুৰক্ষা সংক্ৰান্ত বিঘিনি প্ৰতিৰোধ কৰা আৰু নাইকিয়া কৰাৰ বাবে তেওঁলোকে ভালেমান কাৰ্যপন্থা আৰু প্ৰক্ৰিয়া হাতত লৈছে যাতে চাইবাৰ আক্ৰমণৰ ক্ষেত্ৰত তেঁওলোকৰ এপ্লিকেশ্যনবোৰ অধিক প্ৰতিহত কৰাৰ বাবে দক্ষ হৈ উঠে।

এই চেষ্টাত হাত উজান দিয়াৰ বাবে, মাইক্ৰচফটে চফটৱেৰৰ ক্ষেত্ৰত এই সাম্ভাব্য সুৰক্ষা সংক্ৰান্ত বিপন্নতা গুৰিতে উভালিবলৈ অত্যাধুনিক সঁজুলি যোগান ধৰিছে। মাইক্ৰচফট বিল্ড 2017ৰ জেষ্ঠ গৱেষক, ডেভিড মলনাৰে মাইক্ৰচফট চিকিউৰিটি ৰিস্ক ডিটেন্সন চাৰ্ভিছৰ আৰম্ভণি কৰে, যাক পূৰ্ৱতে প্ৰজেক্ট স্প্ৰীংফিল্ড বুলি জনা গৈছিল। এই সেৱা এজিউৰত বিল্ড কৰা হৈছে আৰু ফিউজিঙত ফিউজ টেষ্টিং নামৰ চফটৱেৰ টেষ্টিং প্ৰযুক্তি ইয়াত ব্যৱহৃত হৈছে

ফিউজ টেষ্টিং

চফটৱেৰত সুৰক্ষা সংক্ৰান্ত আক্ৰমণৰ সম্ভাৱনীয়াত থাক কোড সমূলঞ্চে নাইকিয়া কৰিবলৈ ফিউজ টেষ্টিং ব্যৱহাৰ কৰা হয়। এই প্ৰক্ৰিয়াত বৃহত পৰিমাণৰ যাদৃশ্যিক আৰু অপ্ৰত্যাশিত ডাটা চিষ্টেমলৈ এৰি দিয়া হয়, এই ডাটাক ফিউজ বোলা হয়। সেৱাই ইয়াৰ পিছতে কত এই অপ্ৰত্যাশিত কাৰ্যৰ ফলত চফটৱেৰ ক্ৰেশ্ব হৈছে সেয়া চাই সুৰক্ষাৰ বিপন্নতা থিৰাং কৰা হয়।

তদুপৰি চিকিউৰিটি ৰিস্ক ডিটেন্সন চাৰ্ভিছে কৃত্ৰিম বুদ্ধিমত্তাৰ তৰপো যোগ দিয়ে যাতে কিহে ক্ৰেশ্ব কৰালে সেই ক্ষেত্ৰত অত্যাধুনিক সিদ্ধান্ত লবপৰা যায় আৰু সুৰক্ষা সংক্ৰান্ত বিঘিনিৰ ইংগিত পোৱা যায়। প্ৰত্যেকবাৰতে সেৱা আৰম্ভ কৰিলে, ই ডাটা সংগ্ৰহ কৰে যাতে আটাইতকৈ জটিল কোডৰ ক্ষেত্ৰত ই ধ্যান দিব পাৰে। ই আন ফিউজিং সঁজুলিয়ে মিচ কৰিবপৰা বিপন্নতা বাচি উলিওৱাত উজু কৰি তোলে।

চিকিউৰিটি ৰিস্ক ডিটেন্সন-য়ে কেনেদৰে কাম কৰে?

চিকিউৰিটি ৰিস্ক ডিটেন্সন আপোনাৰ চিকিউৰিটি ডেভলপমেণ্ট লাইফচাইকলত যোগ দি আপোনাৰ চফটৱেৰ এপ্লিকেশ্যনৰ প্ৰতিধোধ ক্ষমতা পৰীক্ষা কৰিব পাৰি। এই সেৱা সম্প্ৰতি উইণ্ডজ এপ্লিকেশ্যনতহে সমৰ্থনযোগ্য আৰু লিনাক্সত এয়া যোগ দিয়াৰ বাবে প্ৰক্ৰিয়াকৰণ কৰি থকা হৈছে। তলত দিয়া ঢাপসমূহেৰে এক ইটাৰেটিভ দৃষ্টিভংগীৰে কাম কৰেঃ

  1. বাইনেৰী সমূহ আপলোড কৰক – গ্ৰাহকে সুৰক্ষিত ৱেব পৰ্টেলত লগ ইন কৰে। চিকিউৰিটি ৰিস্ক ডিটেন্সন-য়ে গ্ৰাহকক এটা ভাৰ্চুৱেল মেচিনত পৰীক্ষণীয় চফটৱেৰটো পৰীক্ষা কৰাৰ বাবে ছফটৱেৰটোৰ বাইনেৰী ইনষ্টল কৰিব দিয়ে, ইয়াৰ লগতে দিয়ে "টেষ্ট ড্ৰাইভাৰ" যিয়ে পৰীক্ষা কৰিবলগীয়া চিনেৰিঅটো ৰাণ কৰে, আৰু ফিউজিঙৰ ষ্টাৰ্টিং পইণ্ট হিচাপে ব্যৱহাৰৰ বাবে নমুনা ফাইল যাক “seed files” বুলি কোৱা হয়।
  2. একাধিক ফিউজাৰ ৰাণ কৰক চিকিউৰিটি ৰিস্ক ডিটেন্সনে মাইক্ৰচফটক হোৱাইট বক্স ফিউজিং প্ৰযুক্তিকে ধৰি একাধিক মেথড ব্যৱহাৰ কৰি নিৰন্তৰ ফিউজিং টেষ্ট কৰিব।
  3. Identify High Value Bugs চিকিউৰিটি ৰিস্ক ডিটেন্সন-য়ে চিকিউৰ ৱেব পৰ্টেলত ৰিয়েল টাইমত সুৰক্ষা বিপনন্নতাৰ প্ৰতিবেদন দিয়ে। সমস্যাসমূহ পুনৰ উত্থাপনৰ বাবে গ্ৰাহকে এক্সনেবল ফাইলসমূহ ডাউনলোড কৰিব পাৰে।
  4. বাগসমূহ সমাধা কৰা তাৰ পিছত গ্ৰাহকে বাগসমূহ অগ্ৰাধিকাৰৰ ভিত্তিত সমাধা কৰিব পাৰে। সমাধানটোৰ প্ৰভাৱশীলতাৰ বিষয়ে নিশ্চিত হবৰ বাবে আপুনি পুনৰাই এই পৰীক্ষা কৰাব পাৰে।

পৰৱৰ্তী পদক্ষেপসমূহ

অধিক জনাৰ বাবে আৰু মাইক্ৰচফট চিকিউৰিটি ৰিস্ক ডিটেন্সন চাৰ্ভিচত চাইন আপ কৰাৰ বাবে এই লিংকটোত ক্লিক কৰকঃ https://www.microsoft.com/en-us/security-risk-detection/

মাইক্ৰচফট বিল্ড 2017-ত ডেভিড মলনাৰৰ প্ৰেজেণ্টেশ্যন চোৱাৰ বাবে তলত লিংকত যাব পাৰেঃ  https://channel9.msdn.com/Events/Build/2017/B8077
​​​​​​​

Read More on...​

​​​​​​​
This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint
©2017 Microsoft Corporation. All rights reserved.