Skip Ribbon Commands
Skip to main content

সাক্ষাত্কাৰ : আঞ্চলিক ভাষাত ডমেইন নেম সন্দৰ্ভত টান টিন ৱি

 

 


যদিহে আপুনি আপোনাৰ ভাষাটোক ভাল পোৱা এজন ব্যক্তি, তেন্তে আপুনি প্ৰফেচৰ টান টিন ৱিক কেতিয়াও পৰিহাৰ কৰিব নোৱাৰিব। আঞ্চলিক ভাষাৰ ক্ষেত্ৰত উদ্যমী নেচনেল ইউনিভাৰ্চিটী অব্ ছিংগাপুৰত কৰ্মৰত (বায়’ইনফৰমেটিক্স চেণ্টাৰ, জৈৱৰসায়ন বিভাগ, য়ং লূ লিন স্কুল অব্ মেডিচিন) এইজন ব্যক্তিয়ে ভাষাৰ ক্ষেত্ৰত, বিশেষকৈ ইণ্টাৰনেটত ভাৰতীয় ভাষা প্ৰয়োগৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাইছে।

 

তেওঁৰ নেতৃত্বতে ১৯৯৪ চনত ছিংগাপুৰে প্ৰথমটো চীনা ৱেবছাইট আৰম্ভ কৰিছিল, তামিল লিপি ব্যৱহাৰ কৰি ১৯৯৫ চনত প্ৰথমটো তামিল ৱেবছাইট মুকলি কৰিছিল, লগত ১৯৯৬ চনত আছিল এটা বহুভাষিক ৱেবছাইট। কিন্তু ভাষাৰ ক্ষেত্ৰত তেওঁৰ আটাইতকৈ মহত্বপূৰ্ণ অৰিহনা হৈছে আই ডি এন (internationalized domain name) পদ্ধতি, যাৰ সহায়ত ডমেইন নামত আঞ্চলিক ভাষা ব্যৱহাৰ কৰিব পাৰি। অলপতে কইম্বট’ৰত অনুষ্ঠিত হোৱা নৱম তামিল ইণ্টাৰনেট সন্মিলনত তেওঁক তামিলনাডু চৰকাৰে ‘তামিল ইণ্টাৰনেট ফ্ৰণ্টিয়াৰ এৱাৰ্ড’ প্ৰদান কৰে।

 

কম্পিউটাৰত আঞ্চলিক ভাষাৰ প্ৰয়োগ, বিশেষকৈ ইতিহাস, বিকাশ আৰু আই ডি এনৰ সম্ভাৱনীয়তা সম্পৰ্কে টান টিন ৱিৰ আছুতীয়া সাক্ষাত্কাৰ প্ৰকাশ কৰিব পৰাটো ভাষাইণ্ডিয়াৰ বাবে বহুত গৌৰৱৰ কথা। এয়া তেওঁৰ সাক্ষাত্কাৰৰ কিয়দাংশ—

 

প্ৰশ্ন : আপোনাৰ সাক্ষাত্কাৰ গ্ৰহণ কৰিব পৰাটো ভাষাইণ্ডিয়াৰ বাবে পৰম আনন্দৰ কথা, প্ৰফেচৰ টান টিন ৱি। অনুগ্ৰহ কৰি ‘ইণ্টাৰনেচনেলাইড ডমেইন নেম’ৰ ধাৰণা সম্পৰ্কে আমাৰ আগত কিছু কথা ক’ব নেকি?

 

উত্তৰ : ‘ইণ্টাৰনেচনেলাইড ডমেইন নেম’ অৰ্থাত আই ডি এনে ডমেইন নামত অনা-ইংৰাজী (হিন্দী, তামিল বা যিকোনো ভাষা) ব্যৱহাৰ কৰিবলৈ আপোনাক অনুমতি দিয়ে। অৰ্থাত লেটিন ডমেইন নামৰ পৰিৱৰ্তে এ এছ চি আই আই নোহোৱাকৈ যিকোনো বৰ্ণ ব্যৱহাৰ কৰিব পাৰে।

‘ইণ্টাৰনেচনেলাইড ডমেইন নেম’ পদ্ধতি বৰ্ণনা কৰাৰ আগতে ডমেইন নেমৰ ধাৰণা সম্পৰ্কে কিছু আলোচনা কৰো আহক। এটা ডমেইন নেমে এটা ইণ্টাৰনেট প্ৰ’ট’কল (আইপি)ক অদ্বিতীয়ভাৱে নিৰ্দেশ কৰে ইণ্টাৰনেটৰ এটা ৱেৱছাইট হিচাপে। ডমেইন নেম ছিষ্টেম (ডিএনএছ)ৰ ভিত্তিত ডমেইন নেমবোৰ পোৱা যায়। ডমেইন নেমৰ মূল উদ্দেশ্য হৈছে সংখ্যাৰ পৰিৱৰ্তে বৰ্ণ ব্যৱহাৰ কৰি সহজতে এটা ৱেবছাইটৰ ঠিকনা মনত ৰখাটো। ২০১০চনৰ ১৫ মাৰ্চ পৰ্যন্ত ৮৪ মিলিয়ন ডমেইন নাম আছে! কিন্তু দুখৰ বিষয়, ৱেবছাইটবোৰ চাবৰ বাবে মানুহে লেটিন বৰ্ণ ব্যৱহাৰ কৰিব লাগে।

 

প্ৰশ্ন : ডমেইন নেমৰ ক্ষেত্ৰত আঞ্চলিক ভাষা প্ৰয়োগৰ প্ৰয়োজনীয়তা ক’ত?

 

উত্তৰ : আমেৰিকাৰ ঐতিহাসিক দমননীতি আৰু এ এছ চি আই আই বৰ্ণ ব্যৱহাৰ কৰাটো বাধ্যতামূলক হোৱাৰ পৰিপ্ৰেক্ষিতত ইংৰাজী ভাষা ব্যৱহাৰ নকৰা লোকসকলক ইণ্টাৰনেট ব্যৱহাৰৰ পৰা আঁতৰত থাকিবলগীয়া হৈছে। ইংৰাজী ভাষা আৰু বৰ্ণ ব্যৱহাৰ নকৰা বহুত মানুহে ইণ্টাৰনেট ব্যৱহাৰ কৰিবলগীয়া হয়। কিন্তু তেওঁলোকৰ কথা কোনেও চিন্তা নকৰে।

 

প্ৰশ্ন : তেনেহ’লে আঞ্চলিক ভাষাৰ ডমেইন নেমৰ বাবে কিমানদিন অপেক্ষা কৰিব লাগিব?

 

উত্তৰ : ৯০ৰ দশকত যেতিয়া ৱেবপেজত আঞ্চলিক ভাষাৰ ব্যৱহাৰ আৰম্ভ হ’ল তেতিয়াৰ পৰাই আঞ্চলিক ভাষাত ডমেইন নেমৰ দাবী উত্থাপিত হৈ আহিছে। সেইবাবেই, আঞ্চলিক ভাষাৰ অনুৰাগীসকলে ‘ইণ্টাৰনেচনেলাইড ডমেইন নেম’ৰ সপক্ষে দাবী উত্থাপন কৰি আহিছে।

ধাৰণা কৰা অনুসৰি পৃথিৱীৰ ৮৩ শতাংশ ব্যক্তিয়েই অনা-ইংৰাজী ভাষাত কথা কয়, ডমেইন নেমো তেওঁলোকৰ নিজা ভাষাতেই হ’ব লাগে। সেয়ে, পৃথিৱীৰ গৰিষ্ঠসংখ্যক ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ বাবে ব্যৱহাৰ উপযোগী ইণ্টাৰনেট ব্যৱস্থা লৈ অহাৰ ক্ষেত্ৰত আই ডি এন প্ৰথম পদক্ষেপ। ইয়াৰ পূৰ্বে তেওঁলোকে আঞ্চলিক ভাষাত ইণ্টাৰনেট ব্যৱহাৰ কৰাত বাধা আছিল।

প্ৰকৃততে ১৯৯৬ চনৰ ডিচেম্বৰ মাহত মাৰ্টিন ডাৰ্ষ্টে পোন প্ৰথমবাৰৰ বাবে আইডিএনৰ প্ৰস্তাৱ আগবঢাইছিল। মই গৌৰৱান্বিত যে মোৰ নেতৃত্বতে পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু আই ডি এন ৰূপায়ণ কৰা হৈছে। এই পদ্ধতিটোক ‘ইণ্টাৰনেচনেলাইড ডমেইন নেম ইন এপলিকেচন (আই ডি এন এ)’ মানক হিচাপে গ্ৰহণ কৰা হৈছে আৰু বিভিন্ন উচ্চ পৰ্যায়ৰ ডমেইনত ইয়াক ব্যৱহাৰো কৰা হৈছে।

 

প্ৰশ্ন : কোনো এজন ব্যক্তিৰ বাবে বৰ্তমান ‘ইণ্টাৰনেচনেলাইড ডমেইন নেম’ত পঞ্জীয়ন কৰা আৰু ব্যৱহাৰ কৰাটো সম্ভৱপৰ হৈ উঠিছেনে?

উত্তৰ : ইয়াৰ আগতে কোৱাৰ দৰে ১৯৯৮ চনৰ পৰাই কৰ্মপদ্ধতি মানি অহা হৈছে। আই ডি এন পদ্ধতিটো মান অনুসৰি সংশোধন কৰাৰ বাবে ‘ইণ্টাৰনেট কনছৰ্টিয়াম ফৰ এছাইনড নেমছ এণ্ড নাম্বাৰ্ছ’ (আই চি এ এন এন) গঠন কৰা হৈছে।

লক্ষ্যত উপনীত হোৱাৰ বাবে দহ বছৰ সময়ৰ প্ৰয়োজন হ’ল। ২০০৯ চনৰ অক্টোবৰ মাহত আই চি এ এন এনে ইণ্টাৰনেটত আন্তৰ্জাতিক সূচক শীৰ্ষ পৰ্যায়ৰ ডমেইনত প্ৰয়োগৰ বাবে অনুমতি প্ৰদান কৰে, য’ত আঞ্চলিক ভাষাৰ লিপিৰ বাবে আই ডি এন এ মান ব্যৱহাৰ হয়। ২০১০ চনৰ মে’ মাহত ডি এন এছ ৰূট জ’নত প্ৰথম আই ডি এন ৰাষ্ট্ৰীয় সূচক শীৰ্ষ পৰ্যায়ত ব্যৱহাৰ কৰা হয়। বৰ্তমান i-DNS.netৰ দৰে কোম্পানীসমূহে ৬০টাতকৈয়ো অধিক ভাষাত ডমেইন নেম নেম পঞ্জীয়নৰ সুবিধা প্ৰদান কৰে। এই তালিকা সোনকালে সম্প্ৰসাৰিত হ’ব।

 

প্ৰশ্ন : এয়া অতি আনন্দৰ কথা! অৰ্থাত আমি আশা কৰিব পাৰো অতি সোনকালে জনসাধাৰণে হিন্দী, তামিল আৰু মালায়ালম ভাষাত ডমেইন নেম ব্যৱহাৰ কৰিব। কিন্তু আঞ্চলিক ভাষাৰ ডমেইন নেমৰ ব্যৱহাৰ কম্পিউটাৰত আঞ্চলিক ভাষা ব্যৱহাৰৰ ক্ষেত্ৰত কিদৰে সহায়ক হ’ব?

 

উত্তৰ: কম্পিউটাৰত আঞ্চলিক ভাষাৰ ব্যৱহাৰে কম্পিউটাৰক জনসাধাৰণৰ ওচৰলৈ লৈ গৈছে। নিজৰ ভাষাত ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ অধিকাৰ সকলো লোকৰে আছে। ভাষাৰ অন্তৰায় ভেদ কৰি এজন ব্যক্তিক তথ্য আহৰণৰ বাবে এবাৰ অধিকাৰ বা সুবিধা প্ৰদান কৰিলে তেওঁ অধিক ভাল নাগৰিক হোৱাৰ দিশত আগবাঢ়ে আৰু তথ্য আৰু জ্ঞানৰ ভাল গ্ৰহিতা হৈ উঠে। আই ডি এনে দিবলগীয়া সুবিধাবোৰৰ ভিতৰত এটা উল্লেখযোগ্য।

 

বেছিভাগ মানুহৰেই ইংৰাজী ভাষাৰ সৈতে চিনাকি নাই। ইংৰাজী ভাষাৰ ন্যূনতম জ্ঞানখিনিও নাথাকিলে ইণ্টাৰনেটৰ পৰা সমল সংগ্ৰহ কৰাটো কঠিন কাম। কিন্তু এজন সাধাৰণ মানুহে ইয়াৰ সুবিধা কেনেকৈ ল’ব? ইংৰাজী ভাষা নাজানিলে তেওঁ ডমেইন নেম (ৱেবছাইট ঠিকনা)ও টাইপ কৰিব নোৱাৰিব। এবাৰ এই বাধা ভাঙি দিব পাৰিলে সকলোৱে ইণ্টাৰনেট ব্যৱহাৰ কৰিব পাৰিব আৰু ইণ্টাৰনেটৰ সুফল লাভ কৰিব পাৰিব। ইণ্টাৰনেটত তেওঁলোকে ব্যৱহাৰ কৰা ভাষাটো চহকী কৰাৰ ক্ষেত্ৰতো তেওঁলোকে অৰিহণা যোগাব। এইদৰেই আই ডি এনে আঞ্চলিক ভাষাত কম্পিউটাৰ ব্যৱহাৰত সুবিধা কৰিব।

 

প্ৰশ্ন : এ এছ চি আই আই অথবা লেটিন ভিত্তিক ডমেইন নেমৰ দৰে অনা-ইংৰাজী ভাষা ব্যৱহাৰকাৰীসকলৰ সমুখত ই-মেইলৰ ব্যৱহাৰতো বাধা দেখা যায়। তেওঁলোকে কেতিয়া নিজৰ ভাষাত ই-মেইল লাভ কৰিব?

 

উত্তৰ : সম্প্ৰতি আই চি এ এন এনে শীৰ্ষ পৰ্যায়ত আই ডি এন ব্যৱহাৰত অনুমতি প্ৰদান কৰিছে। ইয়াৰ ফলত ই-মেইলত কেৱল ইংৰাজী বৰ্ণ প্ৰয়োগৰ বাধা আঁতৰিল। ব্যৱহাৰকাৰীয়ে এতিয়াই আঞ্চলিক ভাষাত ই-মেইল লাভ কৰিব পাৰিব।

 

প্ৰশ্ন : যদিহে আপুনি  জ্ঞাত, ভাষাইণ্ডিয়াই ইয়াৰ পৰ্টেলত প্ৰধান ভাৰতীয় ভাষাসমূহ আৰু ইংৰাজী ভাষা কম্পিউটাৰ ব্যৱহাৰৰ ক্ষেত্ৰত তথ্য যোগান আৰম্ভ কৰিছে অলপতে। আঞ্চলিক ভাষাৰ ক্ষেত্ৰত উত্সাহী আৰু এজন বিশেষজ্ঞ হিচাপে ভাষাইণ্ডিয়াৰ ইণ্ডিক ভাষাৰ ক্ষেত্ৰত এই উদ্যম সম্পৰ্কে আপুনি কি মন্তব্য কৰিব? আপুনি কিবা পৰামৰ্শ দিব বিচাৰিব নেকি?

 

উত্তৰ: মই ভাষাইণ্ডিয়া চাইছো আৰু যেতিয়াই ভাৰতীয় ভাষাৰ কথা ক’ব লাগে, মই এই ৱেবছাইটটো চাবলৈ পৰামৰ্শ আগবঢ়াই আহিছো। অলপতে, ভাষাইণ্ডিয়াত ইণ্টাৰনেচনেল ডমেইন নেম শীৰ্ষক মনিয়ম ডাঙৰীয়াৰ (i-DNS.net ইণ্টাৰনেচনেল আইএনচি) এটা সাক্ষাত্কাৰ পঢ়িবলৈ পাইছো। ভাষাইণ্ডিয়াৰ উদ্যম সঁচাকৈয়ে প্ৰশংসনীয়।

 

মোৰ পৰামৰ্শ বুলিবলৈ হ’লে ইয়াক অধিক আকৰ্ষণীয় সমল কেন্দ্ৰ হিচাপে গঢ়ি তোলক। সাধাৰণ ব্যক্তিক জানিবলৈ দিয়ক যে কম্পিউটাৰ তেওঁলোকৰ বাবেও। সমলবোৰ সহজ আৰু আঞ্চলিক ভাষাত প্ৰস্তুত কৰক। তথ্য প্ৰযুক্তিৰ অসীম সম্ভাৱনীয়তা সম্পৰ্কে জনসাধাৰণক সজাগ কৰি তোলক। ইংৰাজী ভাষাৰ প্ৰতি ভীতিগ্ৰস্ত নহ’বলৈ তেওঁলোকক সজাগ কৰি তোলক, আনহাতে স্থানীয় ভাষাও সম্প্ৰতি উজ্জ্বল ৰূপত প্ৰতিভাত হ’বলৈ আৰম্ভ কৰিছে।

 

 


 

This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint 2013.
©2016 Microsoft Corporation. All rights reserved.