Skip Ribbon Commands
Skip to main content

​​​​​​​

উইণ্ডজ 10 ৰ মজুত পূৰ্বলোকণৰ বাবে দূৰবৰ্তী ডেস্কট’প


আৰম্ভণিতে মই সেইসকলক আন্তৰিক ধন্যবাদ জনাব বিচাৰো যিসকলে আমাৰ উইণ্ডজ 10 ৰ বাবে মাইক্ৰচফ্‌ট দূৰবৰ্তী ডেস্কট'প পূৰ্বলোকণ ক্লায়েন্ট স্থাপন আৰু ব্যৱহাৰ কৰিছে আৰু এতিয়ালৈকে অতি মনোগ্ৰাহীকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে৷

মুখ্য সুবিধা চেটৰ ওপৰত কেইমাহমান কাম কৰাৰ পিছত আমি এপটো পূৰ্বলোকণৰ বাহিৰলৈ আনিবলৈ পাই আনন্দিত যাতে উইণ্ডজ 10 ডিভাইচ ব্যৱহাৰ কৰা সকলোৱে, সি ডেস্কট'পেই হওঁক, টেবলেটেই হওক, ফ'নেই হওক বা ফ'নৰ বাবে কন্টিনাম ৰ জৰিয়তে এই বৃহৎ অভিজ্ঞতাৰ পৰা লাভ অৰ্জন কৰিব পাৰে৷

যিহেতু উইণ্ডজ 10 শ্বিপ কৰা হৈছে, যদি আপুনি ব্যৱহাৰ কৰি থকা আমাৰ উইণ্ডজ [ফ'ন] 8.1  ষ্ট'ৰৰ পৰা দূৰবৰ্তী ডেস্কট'প  এপ স্থাপন কৰিছিল৷ আমাৰ নতুন উইণ্ডজ 10 ইউনিভাৰ্চেল এপটো তেতিয়াহে উপলব্ধ হব যেতিয়া আপুনি মাইক্ৰচফ্‌ট দূৰবৰ্তী ডেক্সট'প পূৰ্বলোকণ এপটো স্থাপন কৰা থাকে৷ আমি প্ৰাথমিক পূৰ্বলোকণ পৰ্যায় পাৰ হলে আমি 8.1 সংস্কৰণ সলনি কৰিবলৈ উইণ্ডজ 10 আৰু উইণ্ডজ 10 ম'বাইল দুয়োটাতে চলি থকা ডিভাইচবোৰক দূৰবৰ্তী ডেস্কট'প নাম দিবলৈ আমি ইউনিভাৰ্চেল এপ  সৃষ্টি কৰিছো৷

উইণ্ডজ 10 সংস্কৰণটো পৰৱৰ্তী দুসপ্তাহ মানত ক্ৰমবৰ্ধমান সংখ্যক ব্যৱহাৰকাৰীলৈ ৰ'ল আউট হৈ আছে গতিকে আপুনি উন্নীত হোৱা এপটো এতিয়াও নেদেখিব পাৰে যদিও আপুনি এই ব্ল'গটো পঢ়ি আছে৷ আপুনি যদি এইটো এতিয়াও স্থাপন কৰা নাই, এপটো ষ্ট'ৰত  দূৰবৰ্তী ডেস্কট'প ত বিচাৰিলে উপলব্ধ হব৷

নবীকৰণৰ সময়ত আপুনি তলত দিয়াবোৰ আশা কৰিব পাৰে:

  • ডেস্কট'প সংযোগসমূহ ৰক্ষণাবেক্ষণ কৰা হৈছে
  • ব্যৱহাৰকৰ্তাৰ নামসমূহ ৰক্ষণাবেক্ষণ কৰা হৈছে
  • পাছৱৰ্ড পুনৰ প্ৰবিষ্ট কৰিব লাগিব
  • তোৰণসমূহ ৰক্ষণাবেক্ষণ কৰা হৈছে
  • দূৰবৰ্তী সম্পদসমূহৰ URL সমূহ উইণ্ডজ ফ'ন 8.1 ৰ পৰা ৰক্ষণাবেক্ষণ কৰা হব কিন্তু নতুন চাইন ইনৰ প্ৰয়োজন
  • দূৰবৰ্তী সম্পদসমূহ উইণ্ডজ 8.1 ৰ পৰা ৰক্ষণাবেক্ষণ কৰা নহয় আৰু পুনৰ যোগ কৰাৰ প্ৰয়োজন
  • কিছুমান সাধাৰণ ছেটিংছ ৰক্ষণাবেক্ষণ কৰা হয়

এপটোৰ উইণ্ডজ 8.1 সংস্কৰণত উপলব্ধ হোৱা কিছুমান সুবিধা এতিয়াও উইণ্ডজ 10 সংস্কৰণত উপলব্ধ হোৱা নাই৷ আপোনাৰ বাবে অতি প্ৰয়োজনীয় সুবিধাৰ বিষয়ে মতামত আমি আশা কৰিছো যিহেতু আমি ভৱিষ্যতে নবীকৰণ কৰাৰ পৰিকল্পনা কৰিছো৷

ইয়াত সুবিধাসমূহৰ এখন তালিকা দিয়া হৈছে যিবোৰ এতিয়াও উপলব্ধ নহয়:

  • একাধিক সমক্ষণিক সংযোগ
  • পৰিৱৰ্তনশীল প্ৰতিচ্ছায়া আৰু ঘূৰ্ণণ
  • মুদ্ৰক পুনঃনিৰ্দেশনা
  • স্মাৰ্টকাৰ্ড পুনঃনিৰ্দেশনা
  • মাইক্ৰফ'ন সমৰ্থন
  • স্থানীয়কৃত এপ (সম্প্ৰতি কেবল ইংৰাজী)

যদি এই সুবিধাসমূহ আপোনাৰ বাবে জটিল, আপুনি দূৰবৰ্তী ডেস্কট'প সংযোগ এপ (MSTSC) ব্যবহাৰ কৰা অনুমোদিত যিটো উইণ্ডজত শ্বিপ হয়৷

মজুত পূৰ্বলোকণে নুবুজায় যে আমাৰ সম্পূৰ্ণ হৈ গ'ল, ই সম্পূৰ্ণ বিপৰীত৷ আমাৰ সুবিধাসমূহৰ চেটৰ ওপৰত ইতিমধ্যে কাম চলি আছে আৰু আমাৰ পৰৱৰ্তী সুবিধাসমূহৰ চেটৰ প্ৰতি মনোনিবেশ কৰিবলৈ  আমি ষ্ট'ৰ মন্তব্যসমূহ আৰু আামাৰ  সুবিধা অনুৰোধ চাইট মনিটৰিং কৰি থাকিম আৰু আপুনি এপটোত নিয়মিত উন্নীত কৰণ আশা কৰিব পাৰে৷

এপটোৰ মুখ্য সংস্কৰণত মই কেনেদৰে প্ৰৱেশ কৰিম?

এপটোৰ অপূৰ্বলোকণ সংস্কৰণ ষ্ট'ৰত  দূৰবৰ্তী ডেস্কট'প নামেৰে পাব পাৰি৷ আপুনি যদি ইতিমধ্যে আমাৰ উইণ্ডজ 8.1 বা উইণ্ডজ 10 এপটোৰ উইণ্ডজ ফ'ন 8.1 সংস্কৰণ ব্যৱহাৰ কৰি আছে, আপোনাৰ ডিভাইচটো যদি ৰ'লআউট প্ৰক্ৰিয়াৰে উন্নীত কৰিবলৈ নিৰ্বাচন কৰা হয় আৰু পৰৱৰ্তী সময়ত ষ্ট'ৰে আপোনাৰ স্থাপিত কৰা এপ্লিকেছন সমূহৰ তালিকা উন্নীত কৰোতে আপুনি স্বয়ংক্ৰিয়ভাৱে এপটোৰ উইণ্ডজ 10 সংস্কৰণলৈ উন্নীত হব৷

যদি আপুনি কেবল মাইক্ৰচফ্‌ট দূৰবৰ্তী ডেস্কট'প পূৰ্বলোকণ ব্যৱহাৰ কৰি আছে বা আপুনি দূৰবৰ্তী ডেস্কট'প নতুনকৈ ব্যৱহাৰ কৰিছে, তেন্তে আপুনি পোনে পোনে ষ্ট'ৰ  ৰ পৰা আজিয়েই এপটো ডাউনল'ড কৰি লওক আৰু আপুনি কেনে পালে সেয়া আমাক জানিবলৈ দিয়ক৷

ষ্ট'ৰত মই এতিয়াও পূৰ্বলোকণ এপ দেখা পাও কিয়?

যদিও এপটোৰ উইণ্ডজ 10 সংস্কৰণৰ বাবে প্ৰাৰম্ভিক পূৰ্বলোকণ সময় পাৰ হৈ গৈছে তথাপি আপুনি ষ্ট'ৰত দুটা এপ দেখা পাই থাকিব: দূৰবৰ্তী ডেস্কট'প আৰু মাইক্ৰচফ্‌ট দূৰবৰ্তী ডেস্কট'প পূৰ্বলোকণ৷

আপুনি যদি কেবল আপোনাৰ দৈনিক দূৰবৰ্তী কৰণৰ প্ৰয়োজনসমূহৰ বাবে এপটো ব্যৱহাৰ কৰিব বিচাৰে তেন্তে আপুনি  দূৰবৰ্তী ডেস্কট'প  সংস্কৰণ স্থাপন কৰা অনুমোদিত৷ এই এপটোৰ মন্থৰ উন্নীত কেডেঞ্চ আৰু কম ক্ষতিৰ আশংকা আছে৷

সি যি নহওক, আপুনি যদি পূৰ্ব-মুক্তি চফ্‌টৱেৰ ব্যৱহাৰ কৰি য'ত বাগ বা ক্ৰেছ থাকিব পাৰে, সকলোৰে পূৰ্বে নতুন সুবিধা লাভ কৰি আৰু আন সকলোৰে বাবে সামগ্ৰীবিধ উন্নত কৰিবলৈ ফিডবেক দিবলৈ পাই আনন্দিত হৈছে, তেন্তে মাইক্ৰচফ্‌ট দূৰবৰ্তী ডেস্কট'প পূৰ্বলোকণ আপোনাৰ বাবেই৷

দুয়োটা এপ একেলগে স্থাপন কৰিব পাৰি৷

উইণ্ডজ ফ'ন 8.1, উইণ্ডজ 8.1, iOS, মেক OS X, আৰু এণ্ড্ৰইড আদিত চলি থকা আপোনাৰ আন ডিভাইচতো দূৰবৰ্তী ডেস্কট'প ক্লায়েন্ট উপলব্ধ৷​


​​​
​​​​​​

Read More on...​

​​​​​​
This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint 2013.
©2016 Microsoft Corporation. All rights reserved.