Skip Ribbon Commands
Skip to main content

​​​​​​​​​

​​

সুবিধাযুক্ত পেকেজসমূহ – কি কৰিব পাৰি আৰু কি কৰিব নোৱাৰি?


নমস্কাৰ উইণ্ডজ 10 বন্ধুসকল!

আজি মই এনে এটা বিষয়ৰ ওপৰত কবলৈ বিচাৰো যিটো মই ভাল পাও: উইণ্ডজ 10ৰ সুবিধাসমূহ৷

উইণ্ডজ 10 ৰ নিয়োজন পদ্ধতি (ওৰফে সুবিধাসমূহ) সচাঁকৈয়ে এটা সম্ভৱপৰ কাম হয়নে নহয় সেই বিষয়ে ইন্টাৰনেটত বহুতো আলোচনা-বিলোচনা চলি আছে৷ আৰু সঁচা কবলৈ গলে মোৰ অভিজ্ঞতাৰ পৰা মই অধিক গ্ৰাহকক এই পদ্ধতি ব্যৱহাৰ কৰা দেখা নায়৷ এইটো নিশ্চিত কৰিবলৈ মই মাইক্ৰচফ্‌ট জাপানত এটা আভ্যন্তৰীণ অধ্যয়নো চলাইছো আৰু পাইছো যে উইণ্ডজ 10 নিয়োজন পদ্ধতি মুখ্য 200 টা কোম্পানীৰ ভিতৰত কেবল 60 টাই হে ব্যৱহাৰ কৰিছে: তেওঁলোকৰ 90% পাৰম্পৰিক "ৱাইপ এণ্ড ল'ড" (Wipe and Load ) ব্যৱহাৰ কৰে৷

কিয়? তাৰ বহুতো কাৰণ আছে৷ মই ভবা প্ৰথম কাৰণটো হল যে গ্ৰাহকসকল পাৰম্পৰিক নিয়োজন পদ্ধতিত অভ্যস্ত যিটো উইণ্ডজ 10 তো ভালদৰে কাৰ্যক্ষম৷ তেওঁলোকে সম্ভবতঃ সম্পূৰ্ণ নিয়োজন পদ্ধতিতো নথিভুক্ত কৰিছে আৰু এটা নতুন নিয়োজন ডিজাইন আৰু নথিভুক্তকৰণৰ খৰচ ৰাহি কৰিব বিচাৰে৷ উদাহৰণস্বৰূপে, জাপানত আমাৰ বহুতো গ্ৰাহকে এক নিৰ্দিষ্ট সময়তহে উইণ্ডজ 10 লৈ মাইগ্ৰেট কৰিব বিচাৰে যেতিয়া এক সম্পূৰ্ণ আৰু বৃহৎ ডিভাইচ সলনিৰ পৰিকল্পনা কৰে৷ এই ক্ষেত্ৰত তেওঁলোকে বেচিভাগ সময়তেই "ৱাইপ এণ্ড '" পদ্ধতি ব্যৱহাৰ কৰিবলৈ পছন্দ কৰে৷

মোৰ মনলৈ অহা দ্বিতীয় কাৰণটো হৈছে সুবিধাযুক্ত পদ্ধতিৰ কিছুমান অসুবিধা আৰু সীমাবদ্ধতা আছে: উদাহৰণস্বৰূপে, ই এটা ষ্ট'ৰত ক্ৰয় কৰা উইণ্ডজ 10 ডিভাইচৰ পৰা ব্ল'টৱেৰ আঁতৰোৱাৰ কোনো সহজ উপায় নিদিয়ে (আপুনি এইটো স্ক্ৰিপ্ত কৰিব পাৰে কিন্তু ই বজাৰত উপলব্ধ সকলোবোৰ ডিভাইচৰ বাবে সমানে কাম নকৰিব)৷ আন এটা হব পাৰে যে সংস্কৰণ উন্নীতকৰণ কেবল প্ৰ' (বা এডু) ৰ পৰা এন্টাৰপ্ৰাইজলৈহে কাম কৰে য'তনেকি আপুনি ক্ৰয় কৰিব পৰা বেছিভাগ উইণ্ডজ 10 ডিভাইচৰ হ'ম সংস্কৰণ থাকে (হ'মৰ পৰা প্ৰ' লৈ আৰু প্ৰ'ৰ পৰা এন্ট লৈ PPKG ব্যৱহাৰ কৰি উন্নত কৰিব পাৰি)৷ সৰ্বশেষত, উইণ্ডজ ICD টুল আটাইতকৈ ইউজাৰ ফ্ৰেণ্ডলি টুল (এতিয়ালৈ) নহবও পাৰে (ইয়াৰ চেটিংচৰ বিষয়ে কিছু তথ্য আৰু কিছু ইনপুট ফৰমেট নাই)৷

মোৰ বাবে সুবিধাযুক্ত কেবল এটা পৰিস্থিতিতহে ব্যৱহাৰ কৰিব লাগে: BYOD. এইটো এটা সমাধান যিটোৱে কিছুমান ব্যৱসায় জটিল পৰিস্থিতি চম্ভালিব পাৰে যত এগৰাকী চেলচ পাৰচনে এটা ব্যৱসায় ভ্ৰমণৰ সময়ত তেখেতৰ ডিভাইচ হেৰুৱায়/ভাঙে/চুৰি হয় আৰু আইটি প্ৰ' নোহোৱাকৈ এইটো সলনি কৰিব পাৰে৷ সুবিধাযুক্তই তেখেতক তেখেতৰ ডিভাইচ এন্টাৰপ্ৰাইজ সংস্কৰণলৈ শীঘ্ৰে উন্নীত কৰি অফিচ 2016 স্থাপন কৰি VPN চেটআপ কৰি আৰু প্ৰয়োজন সাপেক্ষে ডমেইন জইন কৰি কাম কৰিবলৈ মনোনিবেশ কৰিব পৰা কৰি তুলিব৷

আন যিকোনো পৰিস্থিতিত আপুনি যথা স্থানত উন্নতকৰণ (in-place upgrade ) (উইণ্ডজ 7,8,8.1 ডিভাইচৰ বাবে) বা ৱাইপ এণ্ড ল'ড যিকোনো নতুন ডিভাইচৰ বাবে চিন্তা কৰিব পাৰে৷

যদিও সুবিধাযুক্ত পদ্ধতিত আমি কিছুমান অসুবিধাৰ সম্মুখীন হও, মই ইয়াত PPKG ৰ পৰা পোৱা সকলোবোৰ টেষ্টিং ফলাফল একগোট কৰিব বিচাৰো (কোনটোৱে কাম কৰে আৰু কোনটোৱে নকৰে) যাতে আপোনাৰ প্ৰয়োজন অনুসৰি উত্তম নিয়োজন পদ্ধতিৰ বিষয়ে সিদ্ধান্ত লওতে সকলোবোৰ চাবি আপোনাৰ হাতত থাকে৷

  • কৰ্পৰেট ইনফ্ৰাত ডিভাইচ পঞ্জীয়ণ কৰক
    • Domain Join –> OK
      • [Runtime Settings]>[Accounts]>[Computer Account]
        • [Account] ডমেইন\একাউন্ট (i.e. contoso\admin)
        • [DomainName] ডমেইন FQDN (i.e. contoso.com)
        • [Password] ডমেইন যোগদান একাউন্ট পাছৱৰ্ড
    • Azure AD Join –> NO (এইটো PPKG এ দিয়া নামভৰ্তিৰ প্ৰমাণিকীকৰণ পদ্ধতিৰ সৈতে জৰিত যিটো এজিউৰ AD যোগদান আৰু ইনটিউন সুসম নহয়)
    • Intune enrollment –> NO (ওপৰৰ সৈতে একে)
    • SCCM On-prem MDM enrollment –> OK ( ব্যক্তিগত ভাবে পৰীক্ষা কৰা নাই কিন্তু এইটো কেনেদৰে কৰিব লাগে তাৰ বৰ্ণনা থকা এটা উত্তম প্ৰবন্ধ পালো)
  • প্ৰফাইলসমূহ
    • WIFI –> OK
      • [Runtime Settings]>[ConnectivityProfiles]>[WLAN]>[WLANSetting]
        •  WiFi ৰ [SSID] যোগ কৰক
        •  [WLANXmlSettings] ৰ ভিতৰত, [AutoConnect], [HiddenNetwork], [SecurityKey] আৰু [Security Type] পূৰ্ণ কৰক
    • Certificates –> OK
      •  ৰুট CA প্ৰমাণপত্ৰৰ বাবে, [Runtime Settings]>[Certificates>[RootCertificates]
        • এটা [CertificateName] টাইপ কৰক আৰু ক্লিক কৰক [Add]
        • [CertificatePath] পথ CER ৰুট CA প্ৰমাণপত্ৰ ফাইললৈ
    • ইমেইল প্ৰফাইল –> যিহেতু এটা BYOD পৰিদৃশ্যত আপুনি ডমেইন বা এজিউৰ AD একাউন্ট নাজানে, মই নাভাবো যে এই সুবিধাযুক্তৰ সৈতে সম্ভৱ কিবা এটা
  • OS অনুকূলন
    • Start Menu –> OK (টোকা: এইটো চলিত ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত প্ৰযোজ্য নহয় কিন্তু কম্পিউটাৰত যিকোনো নতুন ব্যৱহাৰকাৰীৰ ক্ষেত্ৰত হয়)
    • Wallpaper –> NO ( ছৱি ফাইলটো কপি কৰে কিন্তু এইটো প্ৰয়োগ নকৰে, এইটো আকাংক্ষিত আচৰণ হয় নে নহয় সেয়া এতিয়াও জনা নাযায়৷ এই বিষয়ে আপোনালোকক আকৌ আগলৈ আপডেট দিম)
    • Local Account creation –> OK
      • [Runtime Settings]>[Accounts]>[Users]
      •  এটা [User Name] টাইপ কৰক আৰু ক্লিক কৰক [Add]
      • [Password] নতুন কৈ সৃষ্টি কৰা একাউন্টৰ পাছৱৰ্ড
      • [UserGroup] ব্যৱহাৰকাৰীক যোগ কৰক "Administrators" দলত উদাহৰণ হিচাপে
    • UWF –> OK
      • [Runtime Settings]>[UnifiedWriteFilter]
      • [FilterEnabled] TRUE
      • [OverlaySize] MB ত (যেনে 1024)
      • [OverlayType] ৰেম বা ডিস্ক নিৰ্বাচন কৰক
      • [Volumes]
        • পৰিশোধন কৰিবলৈ [DriveLetter] টাইপ কৰক (যেনে  "C:") আৰু ক্লিক কৰক [Add]
        • [Protected] TRUE
    • Bitlocker –> NO (হয় এটা স্ক্ৰিপ্তৰ ভিতৰত manage-bde ব্যৱহাৰ কৰি)
    • Edition upgrade –> OK (কেবল প্ৰ'/এডু ৰ পৰা এন্টাৰপ্ৰাইজলৈ)
      • [Runtime Settings]>[EditionUpgrade]
      • [UpgradeEditionWithProductKey] এন্টাৰপ্ৰাইজ সামগ্ৰী কী টাইপ কৰক
  • সাৰ্বজনীন এপ্লিকেছন
    • Install –> OK (চাইডল'ডিং সক্ষম কৰিবলৈ, প্ৰমাণপত্ৰ, নিৰ্ভৰশীলতা আৰু এপ ফাইল নিযুক্ত কৰিবলৈ নাপাহৰিব)
      • চাইডল'ডিং সক্ষম কৰিবলৈ, [Runtime Settings]>[Policies]>[ApplicationManagement]>[AllowAllTrustedApps]>[Yes]
      • প্ৰমাণপত্ৰ নিযুক্ত কৰিবলৈ, [Runtime Settings]>[Certificates]>[TrustedPeopleCertificates]
        • টাইপ কৰক [CertificateName] আৰু ক্লিক কৰক [Add]
        • [TrustedCertificate] এপ প্ৰমাণপত্ৰ ফাইললৈ পথটো নিৰ্দিষ্ট কৰক
      • নিৰ্ভৰশীলতাৰ সৈতে এপ আমদানি কৰিবলৈ, [Runtime Settings]>[UniversalAppInstall]
        • টাইপ কৰক [PackageFamilyName] আৰু ক্লিক কৰক [Add] (যিকোনো নাম হব পাৰে)
        • [ApplicationFile] এ ".appxbundle" ফাইলটো নিৰ্দিষ্ট কৰিব
        • [DependencyAppxFiles] এটা এটাকৈ সকলোবোৰ নিৰ্ভৰশীলতা ফাইল যোগ কৰক
    • Uninstall –> OK
      • [Runtime Settings]>[UniversalAppUninstall]
      • এটা কম্পিউটাৰ যত অস্থাপন কৰা এপটো স্থাপন কৰা হৈছে, তাত PowerShell কামাণ্ড চলাওক get-appxpackage পেকেজ পৰিয়াল নাম পাবলৈ৷
      • ওপৰৰ কামাণ্ডটো ব্যৱহাৰ কৰি পোৱা [PackageFamilyName] টাইপ কৰক৷
  • উইন32 এপ্লিকেছন স্থাপন
    • MSI –> OK
      • [Runtime Settings]>[ProvisioningCommands]>[DeviceContext]
      • [CommandFiles] এ MSI ফাইল যোগ কৰিব
      • [CommandLine] MSI পেকেজ স্থাপন কৰিবলৈ কামাণ্ড শাৰী টাইপ কৰক: "msiexec.exe /i xxx.msi /q"
    • Office –> OK (WICD ব্যৱহাৰ কৰি সেয়া কেনেদৰে কৰিব লাগে তাক বৰ্ণনা কৰিবলৈ মই আন এটা প্ৰবন্ধ লিখিম )৷

আশাকৰো এই তালিকাখনে সুবিধাযুক্তৰ সৈতে কি সম্ভৱ সেয়া সিদ্ধান্ত লোৱাত আপোনাক সহায় কৰিব৷ উইণ্ডজ ICD ত উপলব্ধ সকলোবোৰ সম্ভাবনাময় চেটিংছ মই অন্তৰ্ভুক্ত কৰা নায়, সেয়া বিচাৰিবলৈ মই কেবল উইণ্ডজ ICD টুল বিচৰাতহে জোৰ দিম৷ :)


​​​​​​

Read More on...​

​​​​​​
This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint
©2017 Microsoft Corporation. All rights reserved.