Skip Ribbon Commands
Skip to main content

 


ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০

 
ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ ৰ বিভিন্ন বৈশিষ্ট্য আছে যাৰ ফলত ইয়াক ব্যৱহাৰ কঁৰো্তা সকলে খুব সহজেই, অধিক গতিৰে আৰু নিৰাপদে কাম কৰিব পাৰে। নতুন বৈশিষ্টযুক্ত অধ্যায়টো তলত বর্নিত হৈছে।


গতিবেগ
নতুন গতিযুক্ত ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ এ ইয়াক ব্যৱহাৰ কঁৰো্তা সকলক অতিশয় সহায় কৰে যাতে তেওঁলোকে দ্রুত গতিত সদায় অন্য ৱেব চাইটলৈ নগৈ ধুনীয়াকৈ ব্রাউজ কৰি তেওঁলোকৰ কাম খিনি একেটা ঠাইতেই কৰিব পাৰে। ব্যৱহাৰ কঁৰো্তা সকলে মাথোন যিকোনো এটা ৱেব পেজৰ কোনো বিষয়টোক ডাঙি ধৰিব লাগে তাৰ পিছত নীলা ৰঙৰ এক্সিলাৰেটৰ আইকনটোত ক্লীক্ কৰিব লাগে যিটো ছিলেকচনৰ ওপৰত থাকে আৰু তাৰ ফলত গতিপথৰ নির্দেশ পোৱা যায়, ৰূপান্তৰ আৰু শব্দ বাছনি, আনৰ ই-মেইলৰ বিষয় বস্তু, বিচৰা আৰু বহুতো কিবা কিবি পোৱা যায়। উদাহৰণ হিচাবে "Map with Bing" ৰ সহায়ত গতিযুক্ত ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ ত, ব্যৱহাৰ কঁৰো্তা সকলে পৃষ্ঠাখনত পোনে পোনে এখন মেপৰ দৃশ্য দেখিবলৈ পাব। ব্যৱহাৰকাৰী সকলে আন আন গতি পাব পাৰে যদি তেওঁলোকে More Accelerators  অপচনটো সোঁফালৰ ক্লীক্ মেনুৰ পৰা বাছি লয়। ব্যৱহাৰকাৰী সকলে সহজেই লিখা খিনি মছি পেলাব পাৰিব, ব্রাউজাৰ উইন’ডৰ ওপৰৰ সোঁফালৰ চুকত থকা টুল বটনৰ মেনেজ এড-অনচ্ত কোনো এক্সিলাৰেটৰ ব্যৱহাৰ কৰি বা নকৰিও পাৰিব। কোনো কাম আৰম্ভ কৰিবলৈ ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ ত বহুতো লাগতিয়াল গতি বা এক্সিলাৰেটৰ ব্যৱস্থা আছে। মাথোন ৱেব পেজৰ যিকোনো বিষয়ক টেক্সট খিনি হাইলাইট কৰক আৰু অধিক সঠিক গতি পাব লাগিলে নীলা ৰঙৰ এক্সিলাৰেটৰ আইকন    ক্লীক্ কৰক।

বিচৰা


নতুনকৈ বিচৰা বা ছার্চ কৰা ক্ষমতাটোয়ে সময় বচাবলৈ বিশেষ কিছুমান পৰামর্শ আগবঢ়াব যেতিয়াই ব্যৱহাৰকাৰীয়ে প্রয়োজনীয় বিষয়খিনি ছার্চ বক্সতগৈ টাইপ কৰিব। গোটেই শব্দ বা বাক্যটো নিলিখাকৈ ছার্চ বক্সত যিকোনো সময়তেই পৰামর্শ খিনি ক্লীক্ কৰি পাব পাৰিব। এই কাম কৰিবলৈ ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ এ আন আন কিছুমান যোগানকাৰীৰ লগত লগ হৈ কাম কৰে যেনেঃ বিংগ, উইকীপেডিয়া, ইয়াহু!, আমাজ’ন আৰু বহুতো আৰু ইয়াৰ ফলত দৃশ্যগত পৰামর্শ খিনি বিভিন্ন ব্যৱহাৰকাৰীলৈ আগবঢ়াব পৰা যায় লগতে তুৰন্তে উত্তৰ ও পোৱা যায়।
 
 
বর্ধিত কার্যক্ষমতা

ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ ত বহুতো উন্নত কার্যক্ষমতা থাকে যাৰ ফলত ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ এ অধিক দ্রুত আৰু কার্যকৰ ৱেব ব্রাউজিং অভিজ্ঞতা প্রদান কৰে। ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ অধিক গতিত আৰম্ভ হয়, বিভিন্ন পৃষ্ঠাবিলাক অতি সোনকালে ভৰি লয় আৰু ব্রাউজ কঁৰোতা জনে বিচৰা বিষয় খিনি নতুন, আন কিবা অধিক গতি সম্পন্ন টেব পেজৰ দৰে, ইয়াত অধিক বেগত বিচাৰি পায়।

ইয়াৰ উপৰিও, এই ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ স্ক্রীপ্ট ইঞ্জিনটো আগৰ ভার্চনতকৈ অধিক গতি বেগ সম্পন্ন, ইয়াত জাভাস্ক্রীপ্ট বা এচাইনক্রন’মাচ জাভাস্ক্রীপ্ট আৰু XML (AJAX) আদি ৱেব পেজত ভৰিবৰ বাবে কম সময় লাগে।

স্মার্ট এড্ড্রেছ বাৰ

নতুন এড্ড্রেছ বাৰত কিছুমান শব্দ টাইপ কৰক আৰু ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮.০ এ সেইটো মনত ৰাখিব যে আপুনি ইতিমধ্যে উক্ত ঠাইখনলৈ ভ্রমণ কৰিছে আৰু পিছত প্রবেশ কৰাৰ সময়ত অটোমেটিক ভাবে প্রয়োজন মতে সেইটো দেখুয়াই সময় বচাব। জানিব বিচৰা কথাখিনি URLৰ যিকোনো অংশ, হিষ্ট্রি, ফেভাৰিট আৰু RSS Feeds ইত্যাদি বিলাক ঠাই বিচাৰি চোৱা যাব পাৰে। ব্যৱহাৰকাৰীয়ে যেতিয়া কিবা শব্দ টাইপ কৰিব, তেতিয়াই মিলি যোৱা শব্দ বিলাক নীল ৰঙেৰে ওলাই পৰিব যাতে চকুৰ পচাৰতে আনৰ পৰা ইয়াক সহজেই বেলেগকৈ চিনিব পৰা যায়। ইয়াৰ উপৰিও ব্যৱহাৰকাৰীয়ে ৰঙা ৰঙৰ  ড্রপ-ডাউন বক্সত থকা, মনে বিচৰা যিকোনো ঠিকনা মছি পেলাব পাৰিব। এইটো বৰ উপকাৰী কিয়নো ইয়াৰ ফলত URLs বিলাকত বহুতো সময়ত ভূলকৈ টাইপ কৰাৰ পৰা ৰক্ষা পাব পাৰি।  


সামঞ্জষ্যতাৰ দৃশ্য

ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮ হ’ল এটা নতুনকৈ তৈয়াৰ ৱেবচাইট সংযোজন ফলত কিছুমান ৱেবচাইটৰ ব্রাউজাৰত ইয়াৰ সংযোজন এতিয়াও ঘটা নাই। টুল বটনত থকা কম্পেটিবিলিটি ভিউ ক্লীক্ কৰক, তেতিয়া ইন্টাৰনেট এক্সল্প’ৰাৰ ৭ ত দেখা ৱেব চাইটত দেখাৰ দৰেই দেখিব পাৰিব যিয়ে কিছুমান সঠিক দৃশ্য তুলি ধৰে যেনেঃ অসমান শাৰীৰ টেক্সট গঠন, ছবি বা টেক্সট বক্স। এই বিভাগটো প্রতি চাইট হিচাবে দেখা যায় আৰু আন আন সকলো চাইটে ইন্টাৰনেট এক্সপ্ল’ৰাৰ ৮ ৰ কার্যৰ সৈতে একেলগে ইয়াক দেখুয়ায়। যেতিয়া ব্যৱহাৰকাৰীয়ে কোনো এটা চাইটৰ কম্পেটিবিলিটি ভিউ বটনত গৈ ক্লীক্ কৰে, ইয়াৰ পিছত সেই জনে আকৌ যেতিয়া উক্ত চাইটলৈ যাব বিচাৰিব তেতিয়া তেওঁক পুনৰ ইয়াক টাইপ কৰিবৰ প্রয়োজন নাই কিয়নো ব্রাউজাৰে ইয়াক আপোনা আপুনি দেখুয়াব।


বর্দ্ধিত টেব ব্রাউজিং

ইন্টাৰনেট একপ্ল’ৰাৰ ৮ এ টেব গ্রুপক আমাৰ লগত পৰিচিত কৰায় যাৰ ফলত টেব ব্রাউজিং কৰা সহজ হৈ যায়। যেতিয়া এটা টেব আনটোৰ পৰা খুলি যায়, নতুন টেবটো আগৰ টেবটোৰ পিছতেই ৰঙ অনুযায়ী বহেগৈ যাতে ব্যৱহাৰকাৰী অতি দ্রুত বুজিব পাৰে যে নতুন টেবটোৰ বিষয় বস্তু কি। যদি ব্যৱহাকাৰীয়ে টেবৰ গ্রুপৰ পৰা এটা টেব বন্ধ কৰি দিয়ে, তেন্তে আন এটা টেব একে গ্রুপৰ পৰা ওলাই আহিব যাতে ব্যৱহাৰকাৰীয়ে হঠাতে আন কোনো এটা চাইটলৈ নগৈ বর্তমানৰ চলি থকা কামৰ চাইটৰ একে বিষয় বস্তুতেই থাকিব পাৰে। এটা টেবৰ সোঁফালে ক্লীক্ কৰি, ব্যৱহাৰকাৰীয়ে টেবটো বা টেবগ্রুপটো বন্ধ কৰিব পাৰে নাইবা টেবটোক এটা গ্রুপৰ পৰা আঁতৰ কৰিব পাৰে। একেটা মেনুৰ পৰা ব্যৱহাৰকাৰীয়ে এটা টেব বা আটাইকেইটা টেবক নতুন ৰূপ বা সতেজতা প্রদান কৰিব পাৰে, এটা নতুন টেব খুলিব পাৰে, শেষতীয়াকৈ বন্ধ কৰা টেবটোক আকৌ খুলিব পাৰে বা শেষতীয়াকৈ বন্ধ কৰা আটাইকেইটা টেবৰ তালিকা চাব পাৰে বা আটাইকেইটা টেবক খুলিব পাৰে।


 

This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint 2013.
©2016 Microsoft Corporation. All rights reserved.