Skip Ribbon Commands
Skip to main content

​​​​​​​

​​

ইনপুট পদ্ধতি সম্পাদক স্থাপন আৰু ব্যৱহাৰ


এই প্ৰবন্ধটোৱে মানক উইণ্ডজ ইনপুট পদ্ধতি সম্পাদক (IME) কেনেদৰে ব্যৱহাৰ কৰিব সেই বিষয়ে প্ৰশিক্ষণ দিয়ে৷

এটা ইনপুট পদ্ধতি সম্পাদক স্থাপন কৰোতে

তলৰ অংশবোৰে ইনপুট পদ্ধতি সম্পাদক (IME) চাৰিটা পূব এচিয় ভাষাৰ জটিল বৰ্ণ প্ৰবিষ্ট কৰিবলৈ কেনেদৰে স্থাপন আৰু ব্যৱহাৰ কৰিব সেয়া বৰ্ণনা কৰে৷ প্ৰতিটো ভাষাৰ বিশেষ বৈশিষ্টসমূহ আলোচনা কৰা হৈছে৷

এটা এপ্লিকেছনত ইনপুট পদ্ধতি সম্পাদক (IME) কাৰ্যক্ষমতা প্ৰয়োগ কৰিবলৈ এবিধ খেলত  এটা ইনপুট পদ্ধতি সম্পাদক ব্যৱহাৰ কৰি চাওক৷

এটা IME মাইক্ৰচফ্‌ট উইণ্ডজ এক্সপি ব্যৱস্থাত ডিফল্ট হিচাপে স্থাপন কৰা হোৱা নাই৷ স্থাপন কৰিবলৈ তলৰ পদক্ষেপবোৰ সম্পূৰ্ণ কৰক৷

Ee418266.wedge(en-us,VS.85).gif

এটা IME স্থাপন কৰিবলৈ

  1. নিয়ন্ত্ৰণ পেনেলৰ পৰা আঞ্চলিক আৰু ভাষা বিকল্প খোলক৷
  2. ভাষা টেবত পূব এচীয় ভাষা চেকবস্কত স্থাপন ফাইল নিৰ্বাচন কৰক৷


 
ভাষা ফাইলৰ বাবে হোৱা ভঁৰালৰ প্ৰয়োজনৰ বিষয়ে আপোনাক অৱগত কৰা এটা পৰিপুৰক ভাষা সমৰ্থন স্থাপন ডাইল'গ বাকচ দেখা পাব৷
 
  1. ​​ডাইল'গ বাকচটো বন্ধ কৰিবলৈ OK ক্লিক কৰক৷
  2. ভাষা টেবত OK ক্লিক কৰক৷
  3. এটা উইণ্ডজ XP স্থাপন ডিস্ক বা নেটৱৰ্ক শ্বেয়াৰ স্থান য'ত ভাষা সমৰ্থন ফাইল অৱস্থিত সেয়া অনুৰোধ কৰি আন এটা ডাইল'গ বাকচ দেখা পাব৷ এখন উইণ্ডজ XP কম্পেক্ট ডিস্ক ভৰাওক বা যথাযোগ্য নেটৱৰ্ক অৱস্থান ব্ৰাউজ কৰক আৰু OK ক্লিক কৰক৷ মাইক্ৰচফট উইণ্ডজে প্ৰয়োজনীয় ফাইল স্থাপন কৰিব আৰু কম্পিউটাৰটো পুনৰআৰম্ভ কৰিবলৈ আপোনাক সংকেত দিব৷
  4. কম্পিউটাৰটো পুনৰআৰম্ভ কৰিবলৈ হয় ক্লিক কৰক৷
  5. পুনৰআৰম্ভ কৰাৰ পিছত আঞ্চলিক আৰু ভাষা বিকল্প নিয়ন্ত্ৰণ পেনেল পুনৰ এবাৰ খোলক৷
  6. ভাষা টেবত বিবৰণত ক্লিক কৰক৷ পাঠ সেৱা আৰু ইনপুট ভাষা উইণ্ড দেখা পোৱা যাব৷ ​

  1. ছেটিংছ টেবত যোগ ক্লিক কৰক৷ ভাষা ইনপুট উইণ্ড দেখা পোৱা যাব৷

 
  1. ইনপুট ভাষাৰ বাবে চীনা (টাইৱান) আৰু কিব'ৰ্ড লেআউট/ IME ৰ বাবে মাইক্ৰচফ্‌ট নতুন ফনেটিক IME 2002a নিৰ্বাচন কৰক৷
  2. OK ক্লিক কৰক৷ এতিয়া আপুনি একে ধৰণে অতিৰিক্ত ভাষা আৰু IME বোৰ যোগ কৰিব পাৰে৷
  3. পুনৰ যোগ কৰক আকৌ ক্লিক কৰক, ইনপুট ভাষাৰ বাবে চীনা (PRC) কিব'ৰ্ড লেআউট/ IME ৰ বাবে চীনা (সৰলীকৃত) নিৰ্বাচন কৰক আৰু তাৰ পিছত OK ক্লিক কৰক৷
  4.  পুনৰ যোগ কৰক আকৌ ক্লিক কৰক, ইনপুট ভাষাৰ বাবে জাপানী কিব'ৰ্ড লেআউট/ IME ৰ বাবে মাইক্ৰচফ্‌ট IME মানক 2002 সংস্কৰণ 8.1 নিৰ্বাচন কৰক আৰু তাৰ পিছত OK ক্লিক কৰক৷
  5. পুনৰ যোগ কৰক আকৌ ক্লিক কৰক, ইনপুট ভাষাৰ বাবে কোৰীয়ান আৰু কীব'ৰ্ড লেআউট/ IME ৰ বাবে কোৰীয়ান ইনপুট ব্যৱস্থা (IME 2002) নিৰ্বাচন কৰক, তাৰ পিছত OK ক্লিক কৰক৷ পাঠ সেৱা আৰু ইনপুট ভাষা উইণ্ডত স্থাপিত সেৱা তালিকা বাকচত চাৰিটা নতুনকৈ যোগ কৰা IME থকা উচিত৷

 
  1. পাঠ সেৱা আৰু ইনপুট ভাষা উইণ্ড বন্ধ কৰিবলৈ OK ক্লিক কৰক৷
  2. আঞ্চলিক আৰু ভাষা নিয়ন্ত্ৰণ পেনেল বন্ধ কৰিবলৈ OK ক্লিক কৰক৷ উইণ্ড টাস্কবাৰে এতিয়া ৰঙা ৰঙেৰে ঘূৰণীয়াকৈ চিহ্নিত কৰা ইনপুট স্থানীয় নিৰ্দেশক কঢ়িয়াব৷ এই নিৰ্দেশকটো থকাটোৱে বুজাই যে ব্যৱস্থাত এটাতকৈ অধিক ইনপুট ভাষা স্থাপন কৰা হৈছে৷

 

সৰলীকৃত চীনা IME

মাইক্ৰচফ্‌ট ন'টপেডত কেইটামান চীনা বৰ্ণ প্ৰবিষ্ট কৰিবলৈ সৰলীকূত চীনা IME (PinYin) কেনেদৰে ব্যৱহাৰ কৰিব এই অংশটোৱে সেয়া বৰ্ণনা কৰে৷

  1. ন'টপেড আৰম্ভ কৰক (ষ্টাৰ্ট বুটামত উপলব্ধ, তাৰ পিছত সকলো প্ৰগ্ৰাম আৰু আনুসংগিক নিৰ্বাচন কৰক)৷ ন'টপেডট কেইটামান বৰ্ণ টাইপ কৰক৷ এই বৰ্ণ কেইটাই পৰৱৰ্তী সময়ত IME উইণ্ড ভালদৰে ভিজুৱেলাইজ কৰিবলৈ আপোনাক সহায় কৰিব৷

  1. ন'টপেড সক্ৰিয় এপ্লিকেছন হিচাপে থাকোতে, ইনপুট স্থানীয় নিৰ্দেশকত ক্লিক কৰক আৰু চীনা (PRC) নিৰ্বাচন কৰক৷ নিৰ্দেশক ডিচপ্লে CH লে সলনি হব আৰু দেখুৱাব যে নতুন ইনপুট ভাষাটো চীনা (PRC)৷

 
  1. কাৰ্চৰদাল ন'টপেডট ৰাখক৷ কীব'ৰ্ডট হ'ম হেচক যাতে কাৰ্চৰদাল শাৰীৰ আৰম্ভনিত থাকে৷ কীব'ৰ্ডত "N" টাইপ কৰক, তাৰ পিছত "I"৷ তলৰ ফিগাৰবোৰ ডিচপ্লেত দেখা দিব৷ সৰু অনুভুমিক আয়তটো হৈছে পঠন উইণ্ড, যিটোৱে বৰ্তমানৰ পঠন ষ্ট্ৰিং ডিচপ্লে কৰে৷ বৰ্তমান পঠন ষ্ট্ৰিং হৈছে "ni" যিহেতু "N" আৰু "I" টাইপ কৰা হৈছিল৷

 
  1. "3" টাইপ কৰক৷ এতিয়া ন'টপেডট তলৰ ডিচপ্লে দেখিবলৈ পাব৷ যিহেতু N+I+3 সৰলীকৃত চীনা পিনইনত এটা সম্পূৰ্ণ উচ্চাৰণ গতিকে ব্যৱহাৰকাৰীয়ে প্ৰবিষ্ট কৰিব বিচৰা বৰ্ণটো বুজিবলৈ IME ৰ যথেষ্ট তথ্য আছে৷ পঠন উইণ্ড নোহোৱা হয় কাৰণ আপুনি এটা সম্পূৰ্ণ উচ্চাৰণ প্ৰবিষ্ট কৰিছে৷ ন'টপেড কাৰ্চৰৰ ওপৰভাগত এটা বৰ্ণ ডিচপ্লে হৈছে৷ এই বৰ্ণটো ন'টপেডৰ অংশ নহয়, এইটো আন এখন উইণ্ডত ন'টপেডৰ ওপৰত ডিচপ্লে হৈছে আৰু তলত থকা ন'টপেডৰ বৰ্তমানৰ বৰ্ণবোৰ নুকাই থৈছে৷ এই নতুন উইণ্ডখনক কম্পজিচন উইণ্ড বুলি কোৱা হয় আৰু ইয়াত থকা ষ্ট্ৰিং বোৰক কম্পজিচন ষ্ট্ৰিং বুলি কোৱা হয়৷ কম্পজিচন ষ্ট্ৰিং ডিচপ্লেত আন্দাৰলাইন কৰা হৈছে৷

 
  1. এতিয়া আন এটা বৰ্ণ প্ৰবিষ্ট কৰিবলৈ "H","A", "O", "3" টাইপ কৰক৷ মন কৰিব যে "H" টাইপ কৰিলে পঠন উইণ্ড দেখা পোৱা যায় আৰু "3" টাইপ কৰিলে নোহোৱা হয়৷ তলত দেখুওৱাৰ দৰে, কম্পজিচন ষ্ট্ৰিঙত এতিয়া দুটা বৰ্ণ আছে৷

 
  1. কীব'ডৰ লেফ্ট এৰ' এবাৰ হেচক৷ কম্পজিচন কাৰ্চৰদাল আপুনি টাইপ কৰা এটা বৰ্ণত বাওফালে এটা বৰ্ণ আগবাঢ়ি যাব৷ তলত দেখুওৱাৰ দৰে ন'টপেডৰ ওপৰত এখন উইণ্ড দেখা যাব৷ এই উইণ্ডখনক কেণ্ডিডেট উইণ্ড বুলি কোৱা হয়৷ এইখনে বৰ্ণৰ বা বাক্যাংশৰ এখন তালিকা দেখুৱায় যিটোৱে আপুনি টাইপ কৰা উচ্চাৰণ মিলায়৷ আপুনি বিচৰা শবদটো কেণ্ডিডেট তালিকাত থকা প্ৰবিষ্টি বোৰৰ পৰা নিৰ্বাচন কৰিব পাৰে৷ এই উদাহৰণত একে উচ্চাৰণৰ সৈতে দুটা কেণ্ডিডেট বৰ্ণ উপলব্ধ৷

 
  1. দ্বিতীয় প্ৰবিষ্টি নিৰ্বাচন কৰিবলৈ "2" টাইপ কৰক৷ কেণ্ডিডেট উইণ্ডখন এতিয়া বন্ধ হৈছে আৰু কম্পজিচন ষ্ট্ৰিং নিৰ্বাচিত বৰ্ণৰে সৈতে উন্নীত কৰা হৈছে৷

 
  1. এন্টাৰ হেচক৷ এইটোৱে IMEক অৱগত কৰে যে কম্পজিচন সম্পূৰ্ণ হৈছে আৰু ষ্ট্ৰিং এপ্লিকেছনলৈ পঠিয়াব লাগে-এইক্ষেত্ৰত ন'টপেড৷ কম্পজিচন উইণ্ডখন বন্ধ হয় আৰু দুটা বৰ্ণ WM_CHAR ৰ সহায়ত ন'টপেডলৈ পঠিওৱা হয়৷ তলৰ ফিগাৰটোত আন্দাৰলাইন নোহোৱা হৈছে কাৰণ দেখুওৱা বৰ্ণ দুটা ন'টপেডত পাঠৰ এটা অংশ৷ ন'টপেডট থকা বৰ্তমানৰ পাঠ "ABCDEFG" সোঁফাললৈ গৈছে কাৰণ দুটা অধিক বৰ্ণ সোমোৱা হৈছে৷ এতিয়া আপুনি IME ব্যৱহাৰ কৰি দুটা সৰল চীনা বৰ্ণ সফলতাৰে প্ৰবিষ্ট কৰিলে৷

 

পৰম্পৰাগত চীনা IME

ন'টপেডত কেইটামান চীনা বৰ্ণ প্ৰবিষ্ট কৰিবলৈ পৰম্পৰাগত চীনা IME (নতুন ফনেটিক) কেনেদৰে ব্যৱহাৰ কৰিব এই অংশটোৱে সেয়া বৰ্ণনা কৰে৷

  1. ন'টপেড আৰম্ভ কৰক৷ ন'টপেডট কেইটামান বৰ্ণ টাইপ কৰক৷ এই বৰ্ণ কেইটাই পৰৱৰ্তী সময়ত IME উইণ্ড ভালদৰে ভিজুৱেলাইজ কৰিবলৈ আপোনাক সহায় কৰিব৷

 
  1. উইণ্ডজ টাস্কবাৰত ইনপুট স্থানীয় নিৰ্দেশকত ক্লিক কৰক আৰু চীনা (টাইৱান) নিৰ্বাচন কৰক৷ নিৰ্দেশক ডিচপ্লে CH লে সলনি হব আৰু দেখুৱাব যে নতুন ইনপুট ভাষাটো চীনা (টাইৱান)৷

 
  1. কাৰ্চৰদাল ন'টপেডট ৰাখক৷ কীব'ৰ্ডট হ'ম হেচক যাতে কাৰ্চৰদাল শাৰীৰ আৰম্ভনিত থাকে৷ কীব'ৰ্ডত "S" টাইপ কৰক, তাৰ পিছত "U"৷ তলৰ ফিগাৰবোৰ ডিচপ্লেত দেখা দিব৷ সৰু অনুভুমিক আয়তটো হৈছে পঠন উইণ্ড, যিটোৱে বৰ্তমানৰ পঠন ষ্ট্ৰিং ডিচপ্লে কৰে৷ তলৰ ছৱিত দেখুওৱাৰ দৰে পঠন ষ্ট্ৰিঙৰ দুটা বৰ্ণ আছে যিহেতু "S" আৰু "U" টাইপ কৰা হৈছিল৷

 
  1. "3" টাইপ কৰক৷ এতিয়া ন'টপেডট তলৰ ডিচপ্লে দেখিবলৈ পাব৷ যিহেতু S+U+3 পৰম্পৰাগত চীনাৰ এটা সম্পূৰ্ণ উচ্চাৰণ গতিকে ব্যৱহাৰকাৰীয়ে প্ৰবিষ্ট কৰিব বিচৰা বৰ্ণটো বুজিবলৈ IME ৰ যথেষ্ট তথ্য আছে৷ পঠন উইণ্ড নোহোৱা হয় কাৰণ আপুনি এটা সম্পূৰ্ণ উচ্চাৰণ প্ৰবিষ্ট কৰিছে৷ ন'টপেড কাৰ্চৰৰ ওপৰভাগত এটা বৰ্ণ ডিচপ্লে হৈছে৷ এই বৰ্ণটো ন'টপেডৰ অংশ নহয়, এইটো আন এখন উইণ্ডত ন'টপেডৰ ওপৰত ডিচপ্লে হৈছে আৰু তলত থকা ন'টপেডৰ বৰ্তমানৰ বৰ্ণবোৰ লুকাই থৈছে৷ এই নতুন উইণ্ডখনক কম্পজিচন উইণ্ড বুলি কোৱা হয় আৰু ইয়াত থকা ষ্ট্ৰিং বোৰক কম্পজিচন ষ্ট্ৰিং বুলি কোৱা হয়৷ কম্পজিচন ষ্ট্ৰিং ডিচপ্লেত আন্দাৰলাইন কৰা হৈছে৷

 
  1. এতিয়া আন এটা বৰ্ণ প্ৰবিষ্ট কৰিবলৈ "C","L", আৰু "3" টাইপ কৰক৷ মন কৰিব যে "C" টাইপ কৰিলে পঠন উইণ্ড দেখা পোৱা যায় আৰু "3" টাইপ কৰিলে নোহোৱা হয়৷ তলত দেখুওৱাৰ দৰে, কম্পজিচন ষ্ট্ৰিঙত এতিয়া দুটা বৰ্ণ আছে

 
  1. কীব'ডৰ ডাউন এৰ' এবাৰ হেচক৷ তলত দেখুওৱাৰ দৰে ন'টপেডৰ ওপৰত এখন উইণ্ড দেখা যাব৷ এই উইণ্ডখনক কেণ্ডিডেট উইণ্ড বুলি কোৱা হয়৷ এইখনে বৰ্ণৰ বা বাক্যাংশৰ এখন তালিকা দেখুৱায় যিটোৱে আপুনি টাইপ কৰা উচ্চাৰণ মিলায়৷ আপুনি বিচৰা শবদটো কেণ্ডিডেট তালিকাত থকা প্ৰবিষ্টি বোৰৰ পৰা নিৰ্বাচন কৰিব পাৰে৷ এই উদাহৰণত একে উচ্চাৰণৰ সৈতে তিনিটা কেণ্ডিডেট বৰ্ণ উপলব্ধ৷​

 
  1. দ্বিতীয় প্ৰবিষ্টি নিৰ্বাচন কৰিবলৈ "2" টাইপ কৰক৷ কেণ্ডিডেট উইণ্ডখন এতিয়া বন্ধ হৈছে আৰু কম্পজিচন ষ্ট্ৰিং নিৰ্বাচিত বৰ্ণৰে সৈতে উন্নীত কৰা হৈছে৷

 
  1. এন্টাৰ হেচক৷ এইটোৱে IMEক অৱগত কৰে যে কম্পজিচন সম্পূৰ্ণ হৈছে আৰু ষ্ট্ৰিং এপ্লিকেছনলৈ পঠিয়াব লাগে-এইক্ষেত্ৰত ন'টপেড৷ কম্পজিচন উইণ্ডখন বন্ধ হয় আৰু দুটা বৰ্ণ  WM_CHAR  ৰ সহায়ত ন'টপেডলৈ পঠিওৱা হয়৷ তলৰ ফিগাৰটোত আন্দাৰলাইন নোহোৱা হৈছে কাৰণ দেখুওৱা বৰ্ণ দুটা ন'টপেডত পাঠৰ এটা অংশ৷ ন'টপেডট থকা বৰ্তমানৰ পাঠ "ABCDEFG" সোঁফাললৈ গৈছে কাৰণ দুটা অধিক বৰ্ণ সোমোৱা হৈছে৷ এতিয়া আপুনি IME ব্যৱহাৰ কৰি দুটা পৰম্পৰাগত চীনা বৰ্ণ সফলতাৰে প্ৰবিষ্ট কৰিলে৷

 

জাপানী IME

এই অংশটোৱে ন'টপেডত জাপানী IMEৰ সহায়ত  কেইটামান জাপানী বৰ্ণ প্ৰবিষ্ট কৰিবলৈ আপোনাক লৈ যাব৷

  1. ন'টপেড আৰম্ভ কৰক৷ ন'টপেডট কেইটামান বৰ্ণ টাইপ কৰক৷ এই বৰ্ণ কেইটাই পৰৱৰ্তী সময়ত IME উইণ্ড ভালদৰে ভিজুৱেলাইজ কৰিবলৈ আপোনাক সহায় কৰিব৷

 
টপেড সক্ৰিয় এপ্লিকেছন হিচাপে থাকোতে, ইনপুট স্থানীয় নিৰ্দেশকত ক্লিক কৰক আৰু জাপানী নিৰ্বাচন কৰক৷ নিৰ্দেশক ডিচপ্লে JP লৈ সলনি হব আৰু দেখুৱাব যে নতুন ইনপুট ভাষাটো জাপানী৷
 
  1.  কাৰ্চৰদাল ন'টপেডট ৰাখক৷ কীব'ৰ্ডট হ'ম হেচক যাতে কাৰ্চৰদাল শাৰীৰ আৰম্ভনিত থাকে৷ কীব'ৰ্ডত "N" টাইপ কৰক, তাৰ পিছত "I"৷ তলৰ ফিগাৰবোৰ ডিচপ্লেত দেখা দিব৷ যিহেতু N+I জাপানীৰ  এটা সম্পূৰ্ণ উচ্চাৰণ গতিকে ব্যৱহাৰকাৰীয়ে প্ৰবিষ্ট কৰিব বিচৰা বৰ্ণটো বুজিবলৈ IME ৰ যথেষ্ট তথ্য আছে৷ পঠন উইণ্ড নোহোৱা হয় কাৰণ আপুনি এটা সম্পূৰ্ণ উচ্চাৰণ প্ৰবিষ্ট কৰিছে৷ ন'টপেড কাৰ্চৰৰ ওপৰভাগত এটা বৰ্ণ ডিচপ্লে হৈছে৷ এই বৰ্ণটো ন'টপেডৰ অংশ নহয়, এইটো আন এখন উইণ্ডত ন'টপেডৰ ওপৰত ডিচপ্লে হৈছে আৰু তলত থকা ন'টপেডৰ বৰ্তমানৰ বৰ্ণবোৰ নুকাই থৈছে৷ এই নতুন উইণ্ডখনক কম্পজিচন উইণ্ড বুলি কোৱা হয় আৰু ইয়াত থকা ষ্ট্ৰিং বোৰক কম্পজিচন ষ্ট্ৰিং বুলি কোৱা হয়৷ কম্পজিচন ষ্ট্ৰিং ডিচপ্লেত আন্দাৰলাইন কৰা হৈছে৷

 
  1. এতিয়া আন দুটা বৰ্ণ প্ৰবিষ্ট কৰিবলৈ "H", "O", "N", "G", আৰু "O" টাইপ কৰক৷ তলত দেখুওৱাৰ দৰে, কম্পজিচন ষ্ট্ৰিঙত এতিয়া চাৰিটা বৰ্ণ আছে৷

 
  1. স্পেচ বাৰ হেঁচক৷ এইটোৱে IME ক প্ৰবিষ্ট পাঠ বাক্য খণ্ডলৈ পৰিবৰ্তন কৰিছে  পৰিবৰ্তন কৰিবলৈ নিৰ্দেশ দিয়ে৷ তলৰ ছৱিটোত IME এ "Nihongo" উচ্চাৰণটো এটা বাক্য খণ্ডলৈ পৰিবৰ্তন কৰে যিটোৰ অৰ্থ কাঞ্জীত "জাপানী ভাষা"৷

 
  1.  কীব'ডৰ ডাউন এৰ' এবাৰ হেচক৷ তলত দেখুওৱাৰ দৰে ন'টপেডৰ ওপৰত এখন উইণ্ড দেখা যাব৷ এই উইণ্ডখনক কেণ্ডিডেট উইণ্ড বুলি কোৱা হয়৷ এইখনে বাক্যাংশৰ এখন তালিকা দেখুৱায় যিটোৱে আপুনি টাইপ কৰা উচ্চাৰণ মিলায়৷ আপুনি বিচৰা শব্দটো কেণ্ডিডেট তালিকাৰ পৰা নিৰ্বাচন কৰিব পাৰে৷ এই উদাহৰণত একে উচ্চাৰণৰ সৈতে তিনিটা কেণ্ডিডেট বৰ্ণ উপলব্ধ৷ মন কৰিব যে দ্বিতীয় প্ৰবিষ্টি হাইলাইট কৰা হৈছে আৰু কম্পজিচন ষ্ট্ৰিং সলনি হয়৷ এইটো ডাউন এৰ' টাইপ কৰি কৰা হয় যিটোৱে পূৰ্বতে ডিচপ্লে কৰাৰ পিছৰ প্ৰবিষ্টি নিৰ্বাচন কৰিবলৈ IME ক কয়৷

 


  1.  দ্বিতীয় প্ৰবিষ্টি নিৰ্বাচন কৰিবলৈ "2" টাইপ কৰক৷ কেণ্ডিডেট উইণ্ডখন এতিয়া বন্ধ হৈছে আৰু কম্পজিচন ষ্ট্ৰিং নিৰ্বাচিত বৰ্ণৰে সৈতে উন্নীত কৰা হৈছে৷

 
এন্টাৰ হেচক৷ এইটোৱে IME অৱগত কৰে যে কম্পজিচন সম্পূৰ্ণ হৈছে আৰু ষ্ট্ৰিং এপ্লিকেছনলৈ পঠিয়াব লাগে-এইক্ষেত্ৰত টপেড৷ কম্পজিচন উইণ্ডখন বন্ধ হয় আৰু দুটা বৰ্ণ  WM_CHAR সহায়ত

  1. ন'টপেডলৈ পঠিওৱা হয়৷ তলৰ ফিগাৰটোত আন্দাৰলাইন নোহোৱা হৈছে কাৰণ দেখুওৱা বৰ্ণ দুটা ন'টপেডত পাঠৰ এটা অংশ৷ ন'টপেডট থকা বৰ্তমানৰ পাঠ "ABCDEFG" সোঁফাললৈ গৈছে কাৰণ দুটা অধিক বৰ্ণ সোমোৱা হৈছে৷ এতিয়া আপুনি IME ব্যৱহাৰ কৰি দুটা জাপানী বৰ্ণ সফলতাৰে প্ৰবিষ্ট কৰিলে৷


কোৰীয়ান IME

এই অংশটোৱে কোৰীয়ান IME কেইটামান কোৰীয়ান বৰ্ণ প্ৰবিষ্ট কৰিবলৈ কেনেদৰে ব্যৱহাৰ কৰা হয় সেয়া বৰ্ণনা কৰে৷

  1. ন'টপেড আৰম্ভ কৰক৷ ন'টপেডট কিছুমান বৰ্ণ টাইপ কৰক৷ এই বৰ্ণবোৰে আপোনাক পৰবৰ্তী সময়ত IME উইণ্ড ভালদৰে ভিজুৱেলাইজ কৰিবলৈ সহায় কৰিব৷
  2. 1.      ন'টপেড এক্টিভ এপ্লিকেছন হিচাপে থাকোতে, ইনপুট স্থানীয় নিৰ্দেশকত ক্লিক কৰক আৰু কোৰীয়ান নিৰ্বাচন কৰক৷ নিৰ্দেশক ডিচপ্লে KO লে সলনি হব আৰু দেখুৱাব যে নতুন ইনপুট ভাষাটো কোৰীয়ান৷

 
 1.       কাৰ্চৰদাল ন'টপেডট ৰাখক৷ কীব'ৰ্ডট হ'ম হেচক যাতে কাৰ্চৰদাল শাৰীৰ আৰম্ভনিত থাকে তাৰ পিছত "G" টাইপ কৰক৷ তলৰ ফিগাৰবোৰ ডিচপ্লেত দেখা দিব৷ "G"ৰ ফ'নেটিক উপাদান ন'টপেডট দেখা যাব আৰু ব্ল'ক কাৰ্চৰেৰে হাইলাইট কৰা হব৷ মন কৰিব যে আন ভাষাৰ IME ৰ দৰে কম্পজিচন ষ্ট্ৰিং ন'টপেডলৈ পঠিওৱা হয় আৰু ব্যৱহাৰকাৰীয়ে এটা ফনেটিক উপাদান প্ৰবিষ্ট কৰাৰ লগে লগে বৰ্তমানৰ পাঠৰ বাওঁফালে ভৰোৱা হয়৷
এই সময়ত কম্পজিচন ষ্ট্ৰিং এটা ইন্টেৰিম বৰ্ণৰে গঠন হয় কাৰণ ব্যৱহাৰকাৰীয়ে প্ৰবিষ্ট কৰা যিকোনো অতিৰিক্ত ফনেটিক উপাদানে কম্পজিচন ষ্ট্ৰিংৰ ঠাই সলনি কৰে৷ এতিয়া প্ৰথমেো”K” টাইপ কৰক আৰু তাৰ পিছত “S” মন কৰিব যে ইন্টেৰিম বৰ্ণ প্ৰতিটো কীষ্ট্ৰক সৈতে সলনি হয়৷
 
1.      এতিয়া সোঁফালৰ কন্ট্ৰল কী হেচক৷ হানজা বৰ্ণসমূহ তালিকাভুক্ত কৰা এখন কেণ্ডিডেট উইণ্ড দেখা পোৱা যায় যত আপুনি উচ্চাৰণ প্ৰবিষ্ট কৰি নিৰ্বাচন কৰিব পাৰে G+K+S.
 
1.      তালিকাত প্ৰথম প্ৰবিষ্ট নিৰ্বাচন কৰিবলৈ সংখ্যা "1" টাইপ কৰক৷ কেণ্ডিডেট উইণ্ড বন্ধ হয় আৰু নিৰ্বিচিত বৰ্ণেৰে সৈতে কম্পজিচন ষ্ট্ৰিংহআপডেট হয়৷
 
1.      "R", "N", আৰু "R" টাইপ কৰক৷ তাৰ পিছত আন বৰ্ণ প্ৰবিষ্ট কৰিবলৈ সোঁ কন্ট্ৰ'ল কী হেচক৷
 
1.      প্ৰথম প্ৰবিষ্টি নিৰ্বাচন কৰিবলৈ "1" টাইপ কৰক৷ আপুনি IME ব্যৱহাৰ কৰি সফলতাৰে দুটা কোৰীয়ান বৰ্ণ প্ৰবিষ্ট কৰিছে৷ ন'টপেডট কোৰীয়ান বৰ্ণবোৰ ইতিমধ্যে পাঠ ষ্ট্ৰিঙৰ এটা অংশ আছিল৷
 

প্ৰয়োজনসমূহ

 অপাৰেটিং ব্যৱস্থাউইণ্ডজ XP
উপলব্ধ হাৰ্ড ডিস্কৰ ঠাই অতি কমেও 230 MB
বিদেশী ভাষা ফাইলৰ স্থান উইণ্ডজ XP স্থাপন কম্পেক্ট ডিস্ক বা উইণ্ডজ XP স্থাপন ফাইলৰ সৈতে নেটৱৰ্ক অৱস্থান
সময় বিদেশী ভাষা ফাইল স্থাপন কৰিবলৈ অতিকমেও দহ মিনিট; চাৰিটা ভিন্ন IME ৰিভিউ কৰিবলৈ প্ৰতিটোতে প্ৰায় দহ মিনিটকৈ৷

​ 


​​​​

Read More on...​

​​​​​​
This site uses Unicode and Open Type fonts for Indic Languages. Powered by Microsoft SharePoint
©2017 Microsoft Corporation. All rights reserved.