Trace Id is missing
Devi Dol Durga temple in Sivasagar district, Assam

ভাষা আৰু এপ্প্‌সমূহক সামৰি সকলোৰে কাৰণে উৎপানশীলতা

এখন দেশ প্ৰকৃতাৰ্থত ডিজিটেল হ'বৰ বাবে লিখিত ভাষাই হওঁক বা কথিত ভাষাই হওঁক টেকন'লজি সহজলভ্য হ'ব লাগিব আৰু সকলোৰে বাবে উৎপাদনশীল হ'ব লাগিব। এইটো মনত ৰাখক যে দেশখনত ২২টা আনুষ্ঠানিক ভাষা আছে, ইয়াৰে ৬টা জনসংখ্যাৰ ফালৰ পৰা শীৰ্ষত থকা ২০টা গ্ল'বেল ভাষাৰ মাজত গুৰুত্বপূৰ্ণ, Microsoft-এ একেৰাহে স্থানীয় ভাৰতীয় ভাষাসমূহত বেছি সহজলভ্য প্ৰডাক্ট আৰু এপ্প্‌সমূহ তৈয়াৰ কৰিবৰ বাবে একেৰাহে কাম কৰি ।

২০০০ চনৰ পৰা ভাৰতীয় ভাষাসমূহৰ বাবে স্থানীয় ইউনিক'ড সমৰ্থন প্ৰদান কৰাৰ ক্ষেত্ৰত Microsoft হৈছে পথপ্ৰদৰ্শক। ভাষাৰ ক্ষেত্ৰত থকা সীমা ভাঙিবলৈ, আমি ভাৰতীয় ভাষাসমূহৰ লগত দুই দশকৰ পৰা কাম আৰম্ভ কৰিছো আৰু ১৯৯৮ চনত ভাৰতীয় ভাষাসমূহত কম্পিউটিং দ্ৰুত কৰিবৰ বাবে ভাষা প্ৰজেক্ট আৰম্ভ কৰিছো। সংবিধানস্বীকৃত ২২টা ভাৰতীয় ভাষাত আমাৰ প্ৰডাক্টসমূহত টেক্স ইনপুট সমৰ্থন কৰি আৰু ১২টা ভাষাত উইণ্ড'জ ইণ্টাৰফেজ সমৰ্থন কৰি - আমি সেই সময়ৰ পৰা এটা দীঘলীয়া যাত্ৰা আগবাঢ়ি আহিছো। আমাৰ সম্প্ৰদায়ৰ প'ৰ্টেল Bhashaindia.com হৈছে ভাৰতীয় সমল আৰু সঁজুলিৰ এটা গুৰুত্বপূৰ্ণ ভঁৰাল।

ভাৰতত স্থানীয় ভাষাৰ ইণ্টাৰনেট ব্যৱহাৰকাৰীৰ সংখ্যা ধাৰাবাহিকভাৱে বৃদ্ধি পাইছে। এইটোৱে প্ৰদৰ্শন কৰে যে মানুহক ক্ষমতাশালী কৰিবৰ বাবে ডিজিটেল অন্তৰ্ভুক্তি হৈছে এটা ডাঙৰ সুবিধা। ভাৰতীয় স্থানীয় ভাষাসমূহত অধিক এপ্প্‌সমূহৰ নিৰ্মানে শ শ নিযুত ব্যৱহাৰকাৰীয়ে শিক্ষা, স্বাস্থ্যসুৰক্ষা, বেংকিং, যোগাযোগ, ইকমাৰ্চ, বিনোদন, কৃষি, ই-গভাৰ্নেন্স আৰু ভ্ৰমণৰ দৰে ক্ষেত্ৰসমূহৰ সম্পদসমূহক পাব পাৰে। Microsoft প্ৰডাক্টসমূহে ভাৰতীয় ভাষাসমূহৰ সৈত কেনেকৈ কাম কৰে ইয়াত দিয়া আছে:

Windows 10

ভাৰতীয় ভাষাসমূহৰ সৈতে কাম কৰাৰ সময়ত নৱতম Windows অধিক ক্ষমতাশালী আৰু সম্পূৰ্ণ বৈশিষ্টসূচক OS হয়। আপুনি সহজতে পাঠ ভৰ্তি কৰাৰ লগতে আপুনি আপোনাৰ পচন্দৰ ভাষালৈ Windows ব্যৱহাৰকাৰী ইণ্টাৰফেচ কনভাৰ্টো কৰিব পাৰে। আপুনি লগতে ইউনিক'ড মান্যতা সমৰ্থিত বিভিন্ন ফ'ণ্টসমূহ ব্যৱহাৰ কৰিব পাৰে আৰু ইউনিক'ড সমৰ্থিত যিকোনো এপ্লিকেশ্বনত সহজতে কাম কৰিব পাৰে। Microsoft অনুবাদ আৰু মেপসমূহৰ দৰে অনেক Windows এপ্প্‌সমূহ আছে যি ভাৰতীয় ভাষাসমূহৰ সৈতে কাম কৰে। সংক্ষেপে ক'বলৈ গ'লে, Windows 10-এ ভাৰতীয় ভাষা ব্যৱহাৰকাৰীক একেধৰণৰ, সুবিধাজনক অভিজ্ঞতা প্ৰদান কৰে যাৰ লগত তেওঁ/তাই পৰিচিত।

Office 365

Office চুইটে ভৌগোলিক আৰু বিভিন্ন প্লেটফ'ৰ্মত ব্যৱহাৰকাৰীসকলক তেওঁলোকৰ স্থানীয় ভাষাত সহজে সমল সৃষ্টি আৰু ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়ে। Office এপ্প্‌সমূহে সকলো ভাৰতীয় ভাষাৰ সৈতে কাম কৰে আৰু Windows 7 আৰু পৰৱৰ্তী সংস্কৰণতো চলিব পাৰে। Office এপ্প্‌সমূহ গ্ৰাহক আৰু ব্যৱসায়িক ব্যক্তিসকলৰ কাৰণে কোনোধৰণৰ বাধা নোহোৱাকৈ ভাব-বিনিময়ত সহায় কৰিবলৈ Windows, এণ্ড্ৰইড আৰু iOS সকলোতে উপলব্ধ।

Microsoft ভাষা একচেচ'ৰি পেকসমূহ

Microsoft-এ Microsoft ভাষা একচেচ'ৰি পেকসমূহ ব্যৱহাৰ কৰি Windows আৰু Office-ত ভাৰতীয় ভাষাসমূহৰ সমৰ্থন প্ৰদান কৰে যাক বিনামূলীকৈ ডাউনলোড কৰিব পাৰে। এটা ভাষা একচেচ'ৰি পেকত Windows-ত ৩০০,০০০টা শব্দৰ কাৰণে আৰু Office-ত ৬০০,০০টা শব্দৰ কাৰণে অনুবাদ আছে। ভাষা একচেচ'ৰি পেকসমূহে আকাংক্ষিত ভাষালৈ ব্যৱহাৰকাৰী ইণ্টাৰফেচ কনভাৰ্ট কৰে আৰু স্থানীয় ভাষাত ভাব-বিনিময় আৰু সংলাপ বাকচসমূহ প্ৰদান কৰে।

Input Method Editors

যেতিয়া মান্য ইণ্ডিক কীব'ৰ্ডৰ কাৰণে বিল্ট-ইন সমৰ্থনৰ সৈতে Windows পোৱা যায়, কিছুমান ব্যৱহাৰকাৰীয়ে লিপ্যন্তৰকৰণৰ দৰে ইনপুট পাঠ ব্যৱহাৰ বিকল্প পদ্ধতি অগ্ৰাধিকাৰ দিয়ে। Microsoft-এ Bhashaindia.com-ত তেনেধৰণৰ ব্যৱহাৰকাৰীৰ কাৰণে বিভিন্ন Input Method Editors (IMEs) উপলব্ধ কৰিছে।

Bing

অনুসন্ধান সঁজুলিটোৱে নটা ভাৰতীয় ভাষা সমৰ্থন কৰে। ভাৰতীয় ভাষা অভিজ্ঞতা ডেস্কট'প আৰু ম'বাইল ডিভাইচসমূহতো উপলব্ধ। Bing অনুবাদো অনেক ভাৰতীয় ভাষাৰ সৈতে কাম কৰে।

স্কাইপ লাইট

প্ৰত্যাহ্বানমূলক নেটৱৰ্ক অৱস্থাত উন্নত প্ৰদৰ্শন প্ৰদান কৰাৰ সময়ত, ভাৰতীয় মানুহক সংযোগ হৈ থকাত সহায় কৰিবলৈ এণ্ড্ৰইডৰ কাৰণে আমাৰ স্কাইপ এপ্প্‌ৰ দ্ৰুত আৰু কমওজনৰ সংস্কৰণৰ ৰূপত সৃষ্টি কৰা হৈছে। এপ্প্‌টো ১১ টা ভাৰতীয় স্থানীয় ভাষাত উপলব্ধ কৰি তৈয়াৰ কৰা হৈছে: ইংৰাজীৰ বাহিৰে বাংলা, গুজৰাটী, হিন্দী, কানাড়া, মালায়ালম, মাৰাঠী, উৰিয়া, পাঞ্জাবী, তামিল, টেলেগু আৰু উৰ্দু।

Kaizala এপ্প্‌

Kaizala হৈছে এটা ম'বাইল এপ্প্‌ যাক দূৰৱৰ্তী অৱস্থাত 2G নেটৱৰ্কৰ হৈ প্ৰৱেশ কৰিব পৰাকৈ বৃহৎ দলীয় যোগাযোগ আৰু কাৰ্য পৰিচালনাৰ কাৰণে ডিজাইন কৰা হৈছে। এপ্প্‌টো এণ্ড্ৰইড আৰু IOS ব্যৱহাৰকাৰীৰ কাৰণে হিন্দী, বাংলা আৰু তেলেগু ভাষাত স্থানীয়কৰণ কৰি উপলব্ধ কৰা হৈছে।

SwiftKey

এণ্ড্ৰইড আৰু iOS ব্যৱহাৰকাৰীৰ কাৰণে এখন কীব'ৰ্ড যি AI-ৰ পাৱাৰ ধাৰ কৰে। ই ২৪টা ভাৰতীয় ভাষা আৰু মাৰোৱাৰী, বড়ো, চানটালী আৰু খাচীৰ দৰে উপভাষাক অন্তৰ্ভুক্ত কৰি পাঠ ইনপুটক অনুমতি দিয়ে। কীপেডত AI স্থাপিতকৰণে দ্ৰুত, পূৰ্বভাষ লেখন সক্ষম কৰে। ই ব্যৱহাৰকাৰীক মিশ্ৰিত ভাষাসমূহ টাইপ কৰিবলৈও অনুমতি দিয়ে।

ভাষা অনুবাদ

কোম্পানীয়ে ভাৰতীয় ভাষাসমূহৰ কাৰণে প্ৰকৃত-সময় ভাষা অনুবাদ উন্নত কৰিবলৈ Artificial Intelligence (AI) আৰু Deep Neural Networks (DNN) ধাৰ কৰে। এইটোৱে ব্যৱহাৰকাৰীক ইণ্টাৰনেটত Microsoft Office 365 প্ৰডাক্টসমূহৰ দৰে Microsoft ব্ৰাউজাৰসমূহ, Bing অনুসন্ধানত যিকোনো ৱেবচাইট বিচাৰি থকাৰ সময়ত ভাৰতীয় ভাষা অনুবাদ লাভ কৰাত সহায় কৰে। Windows আৰু এণ্ড্ৰইডত Microsoft অনুবাদ এপ্প্‌ত ভাৰতীয় ভাষা অনুবাদসমূহৰ কাৰণে AI আৰু DNN ব্যৱহাৰ কৰা হৈছে।

Sway

Sway হৈছে মাল্টিমিডিয়া সমলৰ সহায়ৰ সৈতে স্থানীয় ভাষাত নতুন ধাৰণা, কাহিনী, প্ৰতিবেদন আৰু উপস্থাপনসমূহ প্ৰদৰ্শন কৰাৰ কাৰণে এটা এপ্প্‌। এপ্পটোৱে সম্বন্ধিত প্ৰতিচ্ছবিসমূহ, ভিডিঅ'সমূহ, টুইটসমূহ আৰু অন্য সমল বিচৰাত ব্যৱহাৰকাৰীক সহায় কৰিবলৈ স্থানীয় ভাষাত পৰামৰ্শ দিয়ে যাক ডিজাইন আৰু লেআউটৰ বিষয়ে কোনোধৰণৰ ভয় নোহোৱাকৈ সৃষ্টি কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে।

OneNote

OneNote হৈছে টো-ডো সূচীসমূহ, ভাষণ আৰু মিটিং টোকাসমূহ, বন্ধৰ আঁচনিসমূহ বা এজন ব্যক্তিয়ে সংগঠিত বা মনত ৰাখিব বিচৰা যিকোনো পৰিচালনা কৰিব পৰা এখন ডিজিটেল নোটবুক। ব্যৱহাৰকাৰীয়ে স্থানীয় ভাষাত টাইপ আৰু লিখি ৰেকৰ্ড আৰু ভাগ-বতৰা কৰিব পাৰে। OneNote PC, Mac, Windows ফোন, iPhone, iPad, Apple Watch, Android আৰু Android Wear ডিভাইচত বিনামূলীয়াকৈ উপলব্ধ।

ইণ্ডিক ইমেইল ঠিকনাসমূহ

Microsoft-এ Android আৰু IOS-ত Outlook এপ্প্‌সমূহ অন্তৰ্ভুক্ত কৰি ইয়াৰ ইমেইল এপ্প্‌সমূহ আৰু সেৱাসমূহৰ লগতে ১৫টা ভাৰতীয় ভাষাত ইমেইল ঠিকনাসমূহ সমৰ্থন কৰে। এই সমৰ্থন ভৱিষ্যত প্ৰস্তুতি। অতিৰিক্ত ভাৰতীয় ভাষাত ড'মেইন নামসমূহ উপলব্ধ হোৱাৰ সময়ত, আমি স্বয়ংক্ৰিয়ভাৱে ইমেইল ঠিকনাসমূহ সেই ভাষাত সমৰ্থন কৰিম।

ভাৰতৰ দৰে দেশত কোনো সন্দেহ নাই যে, সমাজৰ এক বৃহৎ অংশৰ বাবে কাৰিকৰী দিশ লাভ কৰাত সক্ষমিত কৰাৰ দ্বাৰা ভাষা স্থানীয়কৰণে কম্পিউটিংৰ পৰৱৰ্তী ঢৌ কঢ়িয়াই নিব। ফলস্বৰূপে ই বৰ্তমান ভাষাৰ মাজত থকা বিভাজন আঁতৰোৱাত সহায় কৰিব।